১/প্ৰথম অসমীয়া অনাতাঁৰ নাটক খন কি ?
উ:- বীণ বৰাগী ' ( প্ৰফুল্ল চন্দ্ৰ বৰুৱা , এইখন নাটক ১৯৩৫ চনত প্ৰথম কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল )
২/জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি কোনখন ?
উ:-মৃত্যুঞ্জয় ' ( ১৯৭৯, বীৰেন্দ্ৰ কুমাৰ ভট্ৰচাৰ্য )
৩/জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস কোনখন ?
উ:-মিৰি জীয়ৰী'( ১৮৯৪ ৰজনীকান্ত বৰদলৈ )
৪/ছেক্সপীয়েৰৰ প্ৰথম অনূদিত নাটখন কি ?
উ:-Comedy of Errors ৰ অসমীয়া অনুবাদ ' ' ভ্ৰমৰংগ ' ১৮৮৮ অনুবাদক ৰমাকান্ত বৰকাকতি,ঘনশ্যাম বৰুৱা,গুঞ্জানন বৰুৱা,ৰত্নধৰ বৰুৱা
৫/ প্ৰথম অসমীয়া গীতৰ স্বৰলিপিৰ গ্ৰন্থ কোনখন ?
উ:-সংগীত কোষ ' ( ১৯০৯, লক্ষ্মীৰাম বৰুৱা )
৬/কেৰিয়াৰ বিষয়কলৈ প্ৰথম অসমীয়া পূৰ্ণাংগ পুথিখন কি ?
উ:-কেৰিয়াৰ গাইড ( ১৯৯৭,প্ৰতিমা কৌশিক বৰুৱা )
৭/কম্পিউটাৰৰ সহায়ত ছপা হোৱা প্ৰথম অসমীয়া গ্ৰন্থ খন কি ?
উ:-প্ৰেমত পৰিলো নেকি ( ১৯৮৭,ড°দিলীপ কুমাৰ দত্ত )
৮/ অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখন কি ?
উ:- অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী ( ১৯১২,দেবেন্দ্ৰ নাথ বেজবৰুৱা )