গুৱাহাটীত চলি থকা অসম যুৱ অলিম্পিকৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰা সিং ঠাকুৰ।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

অনুৰাগ ঠাকুৰৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালো সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। 

অসম অলিম্পিক এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সংবাদমেলৰ জৰিয়তে আজি এই কথা জানিব দিয়ে।

উল্লেখ্য যে, অসমৰ প্ৰতিভাসম্পন্ন যুৱ খেলুৱৈসকলক এখন মঞ্চ প্ৰদানৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে আয়োজন কৰা যুৱ অলিম্পিকত ৩৫ খন জিলাৰ পৰা ৪৫০০ৰো অধিক খেলুৱৈয়ে অংশ লৈছে।