ডেষ্টিনেশ্যন খুমটাই থিম চং মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই।

১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম চেন্টাৰত অনুষ্ঠিত হ'ব ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠান। বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰু Adian নামৰ সংস্থাটোৰ সহযোগত অনুষ্ঠিত কৰিছে এই অনুষ্ঠান ৷ এই অনুষ্ঠানৰ এটা Theme Song মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ ডেষ্টিনেশ্যন খুমটাই, খুমটাইলৈ যাওঁ ব'লক অনুষ্ঠানৰ মূল উদ্দেশ্য গ্ৰাম্য পৰ্যটনৰ আমেজ দিয়াৰ লগতে খুমটাইত গ্ৰাম্য পৰ্যটনৰ বিকাশ সাধন কৰা । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে অনুষ্ঠানটোৰ আয়োজক তথা সকলো খুমটাইবাসীয়ে ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান আৰু সাদৰ আমন্ত্ৰণ জনাইছে।