সোনাৰীচাপৰি বৰ্ষামুখ পথত ৰাইজৰ ভুই ৰুই ,জেউৰা দি অভিনৱ প্ৰতিবাদ সাৱস্ত কৰিছে ৷ 

সোনাৰীচাপৰি চাৰিআলিৰ পৰা বৰ্ষামুখ সংযোগী পথটো দীৰ্ঘদিনৰ পৰা বিধস্ত হৈ থকাৰ পিছতো গুৰুত্ব নাই লোক নিৰ্মাণ বিভাগৰ ৷ এই পথটোত জীয়াটো ভুগি থকা ৰাইজে আজি পথটোৰ ওপৰত ভুই ৰুই এইদৰেই অভিনৱ প্ৰতিবাদ সাৱস্ত কৰে ৷ জন প্ৰতিনিধিৰ এই পথ অংশ চকুত নপৰাটো লজ্জাজনক হিচাপে বিবেচিত হৈছে ৷ ইফালে এই পথটো পকীকৈ নিৰ্মাণ কৰিছিল যদিও সোনাৰিচাপৰিত জাবৰ নিস্কাসনৰ ব্যৱস্থা নথকাত এইদৰে এজাক বৰষুণতে পানী বোকা জমা হৈ একাঠু পৰ্যন্ত বোকা হৈ পৰিছে ৷ মেৰামতিৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে৷