মৰাণত টাইপাৰ সংবাদমেল 

মৰাণত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল 

'অতি শীঘ্ৰে আহোম জাতী মুৰ্দাবাদ শ্লোগান দিয়া ব্যক্তিজনক গ্ৰেপ্তাৰ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ টাইপাৰ' 

যোৱা ২৯ জুলাইত আঙুৰলতাৰ ডেকাৰ নেতৃত্বত এটা প্ৰতিবাদী সমদলত আহোম জাতি মূর্দাবাদ শ্লোগান দি আহোম জাতিক অপমান কৰাত ক্ষুদ্ধ হৈ আছে সমগ্ৰ আহোম জাতিৰ লগতে আহোমৰ দল সংগঠন। কিন্তু ৰহস্য জনক ভাৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতো উক্ত শ্লোগান দিয়া ব্যক্তিজনক আজি লৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰাত টাইপাই অসম চৰকাৰক সংবাদ মেলৰ যোগেদি অসম আৰক্ষীৰ ব্যৰ্থতাৰ লগতে আহোম জাতিক বিজেপি চৰকাৰখনে অপমান কৰাৰ এজেণ্ডা লৈছে নিকি প্ৰশ্ন উত্থাপন কৰে ইয়াৰ উপৰিও আহোমৰ বিভিন্ন অনুস্থান মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই অংশগ্ৰহণ কৰি এখন নাটক সৃষ্টি কৰিছে নিকি বুলিও প্ৰশ্ন উত্থাপন কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে। অতি শীঘ্ৰে আহোম জনগোষ্ঠীক মুৰ্দাবাদ শ্লোগান দিয়া ব্যক্তিজনক আটক নকৰিলে দিছপুৰ ঘেৰাও আৰু বিজেপিৰ মূখ্যকাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লব বুলিও সংবাদ মেলত উত্থাপন কৰে আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি জানিব দিয়ে।