দিছপুৰ প্ৰেছ ক্লাবত ২২ফেব্ৰুবাৰীত নেবকাচ ৰ উদ্যোগত অনুষ্ঠিত দ্বাদশ সংখ্যক বাৰ্ষিক নেতাজী সুভাষ চন্দ্ৰ বসু নেচনেল বঁটা আৰু প্ৰজ্ঞান ফাণ্ডেশ্যনৰ অসম গ্লোবেল বঁটা ২০২৬প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়োৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকলক বঁটা প্ৰদান কৰাৰ সমান্তৰালকৈ ৰহা নিবাসী তথা ৰহা ৰজাগাঁও বালিপাৰা প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী তথা শিক্ষা ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ লগত জড়িত হৈ সেবা প্ৰদান কৰি অহা অবদান ৰ বাবে প্ৰজ্ঞান ফাণ্ডেশ্যনে কৃতি শিক্ষয়ত্ৰী আৰু সমাজ সৌৰভ বঁটা ২০২৬ প্ৰদান কৰে।লক্ষী প্ৰভাক বিশিষ্ট কৌতুক অভিনেতা অতুল পাচনিয়ে বঁটা প্ৰদান কৰে।
কৃতি শিক্ষয়ত্ৰী আৰু সমাজ সৌৰভ বঁটা লৈ ৰহালৈ গৌৰৱ কঢিয়াই অনাত আজি কবি,লেখক,শিক্ষক লক্ষী প্ৰসাদ ডেকা লক্ষী প্ৰভা দেৱীৰ ঘৰত উপস্থিত শুভেচ্ছা জনোৱা ৰ লগতে ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী,ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ,ৰহা শাখা সাহিত্য সভা,ৰহা আঞ্চলিক মাছ,ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক সাংবাদিক সন্থা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান,দল সংগঠনে শুভেচ্ছা জনাই।
ইয়াৰ পূৰ্বেও লক্ষী প্ৰভা দেৱীলৈ সমাজ সিৰোমনী সম্মান বঁটা ২০২৫লৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছিল।