শিৱসাগৰঃ---অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত, অসম টাই যাদুঘৰ, শিৱসাগৰৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ১০ দিনীয়া পৰম্পৰাগত মুখাশিল্পৰ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠান ১৮ ফেব্ৰুৱাৰী, বুধবাৰে শিৱসাগৰ আৰ্ট গেলাৰীত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ গণেশ চন্দ্ৰ বড়ো, কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক সুজিত বৰুৱা, সহকাৰী প্ৰশিক্ষক ধৰ্মা ৰাজখোৱাৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকল। অনুষ্ঠানত শিৱসাগৰ অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে বন্তি প্ৰজ্জ্বলন কৰে আৰু আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে সহকাৰী আয়ুক্ত তথা দণ্ডাধীশ গণেশ চন্দ্ৰ বড়ো আৰু কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক সুজিত বৰুৱাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু মুখ্য প্ৰশিক্ষকে কৰ্মশালাৰ অংশগ্ৰহনকাৰী সকলক উদ্দেশ্য কৰি বহু উপযোগী আৰু প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। শেষত সাংস্কৃতিক উন্নয়ন বিষয়া নিলোৎপল ৰাজকোঁৱৰে সকলো অংশগ্ৰহনকাৰীক কৰ্মশালালৈ আদৰণি জনায়।