নিজে গঢ়া স্কুল খনৰ দূৰাৱস্থাও সহ্য কৰিব নোৱাৰো ...অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জিন্নত আলী

ৰাইজে অশেষ কষ্ট স্বীকাৰ কৰি গঢ়ি তোলা জংগলপাৰা হাইস্কুল খন আজি ধ্বংসৰ দিশলৈ আগবাঢ়িছে বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল আজিজ আৰু কেইজনমান দালাল শ্ৰেণীৰ লোকৰ কৰ্ম কান্ডৰ বাবে |"--এইদৰেই ক্ষোভ প্ৰকাশ কৰে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জিন্নত আলীয়ে| অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনে গুৰুতৰ অভিযোগ আনি কয়, জংগলপাৰা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল আজিজ আৰু তেওঁৰ সহযোগী দালাল প্ৰকৃতিৰ লোকৰ ছত্ৰছায়াত বিদ্যালয় খনলৈ অহা ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, মধ্যাহ্ন ভোজন আৰু আন শিতানৰ ধনৰ ব্যয়ৰ ক্ষেত্ৰত চলা লুণ্ঠনৰ বিষয়ে দৰঙৰ ডিচি, শিক্ষা বিভাগৰ এডিচি, বিদ্যালয়ৰ পৰিদৰ্শকক তথ্য সহকাৰে অৱগত কৰাৰ পিছতো কোনো কামত নাহিল| তদন্তকাৰী বিষয়া সকলো তদন্তৰ নামত "মেনেজ" হৈ পৰাত আজিলৈ তদন্তৰ প্ৰতিবেদন প্ৰকাশ নাপালে |

অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক জনে কয়,আন উপায় নাপাই তেওঁ মূখ্য মন্ত্ৰীৰ তদাৰকী কোষত অভিযোগ দাখিল কৰিছে | চি এম ভিজিলেন্সে কি ব্যৱস্থা লৈছে সেয়া জানিব পৰা হোৱাগৈ নাই|

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনে দুখেৰে কয়, "মই বৃদ্ধ আৰু ৰুগীয়া মানুহ | বেমাৰী দেহাৰে অফিচে অফিচে দৌৰিব নোৱাৰা হৈছো | নিজে গঢ়া স্কুল খনৰ দূৰাৱস্থাও সহ্য কৰিব নোৱাৰো | সেয়েহে, আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনালো যাতে নিৰপেক্ষ তদন্তৰ দ্বাৰা সঠিক ব্যৱস্থা লৈ চৰকাৰী বিদ্যালয় খনক ৰক্ষা কৰে