মাজুলীৰ বিধায়ক ভূৱন গামৰ নেতৃত্বত কৃষি বিপ্লবৰ চিন্তা

মাজুলীৰ বিধায়ক ভুৱন গামৰ নিৰ্দেশত মাজুলীৰ কৃষি, বন আৰু জলসিঞ্চন বিভাগৰ লগতে কেইবাটাও বিভাগৰ লোক সহ বিজেপি দলৰ মাজুলীৰ এটি সজাতি দল গৈ মাজুলীৰ টিকৰাই চাপৰি পৰিদৰ্শন কৰি ৷ এই চাপৰিটোত কি কি খেতি কৰিবলৈ উপযোগী হব তাৰ এক প্ৰকল্প প্ৰস্তুতৰ মানস কৰিছে ৷ এই প্ৰজেক্ট কাৰ্যক্ষম হলে মাজুলীৰ বহু নিৱনুৱা যুৱক উপকৃত হব বুলি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক গোস্বামীয়ে আমাক জানিবলৈ দিয়ে ৷