কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKHSOU)ৰহা মহাবিদ্যালয় Study Center ৰ উদ্যোগত আজি মহাবিদ্যালয় স্থিত জোঙালবলহু প্ৰেক্ষাগৃহ ত অনুষ্ঠিত kKHSOU Induction programme ৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।
ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ সভাপতিত্বত,ৰহা মহাবিদ্যালয় KKHSOU study Center ৰ সমন্বয়ক তথা অধ্যাপক উওম দাসৰ উদ্দেশ্য ব্যাখ্যা আৰু ৰহা মহাবিদ্যালয় ৰ অধ্যাপক বলোৰাম নাথে আঁত ধৰা Induction programmeত KKHSOU ৰ সহ পঞ্জীয়ক Birinchi Kumar Borah মুখ্য অতিথি ৰুপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক সম্বোধন কৰি KKHSOU ৰ বিভিন্ন দিশৰ বিষয়ে অবগত কৰি KKHSOU ত উচ্চ শিক্ষা গ্ৰহন কৰি ভবিষ্য গঢ়াৰ আহ্বান জনাই।
লগতে ৰহা মহাবিদ্যালয় KKHSOU study centerৰ সমন্বয়ক উওম দাসে জানিব দিয়ে যে বৰ্তমান ৰহা চেন্টাৰত ৭০০ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহন কৰি আছে।
Induction programme ত ৰহা মহাবিদ্যালয় ৰ উপাধ্যক্ষা কল্পনা দেৱী,জ্যেষ্ঠ অধ্যাপক দ্বিজেন শৰ্মা,মৃনাল শৰ্মা সহ মহাবিদ্যালয় ৰ অধ্যাপক, অধ্যাপিকা,ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
লগতে KKHSOUৰ সহ পঞ্জীয়ক Brinchi Kumar Borah ক এখন এখন ফুলাম গামোচা,জাপি,শৰাই,মোমেন্টু আৰু হীৰক জয়ন্তী সমাৰোহত প্ৰকাশিত স্মৃতি গ্ৰন্থ প্ৰজ্ঞা বৃক্ষ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়