ৰহাত অহা ২১অক্টোবৰত কেইবাটাও দল সংগঠন ৰ যৌথ উদ্যোগত প্ৰাণৰ শিল্পী,মহানায়ক ,হাৰ্টথ্ৰুব জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হব।

     ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত ২১অক্টোবৰত দিনৰ ১০বজাৰ পৰা ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থা, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ৰহা আঞ্চলিক মানব অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক সাংবাদিক সন্থা,ৰহা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা, ৰহা বহাগী মেলা ৰ যৌথ উদ্যোগত আৰু ৰহাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হব মহানায়ক জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুবা জুবিন গাৰ্গ ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন, ১০.১৫বজাত সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ১০.৩০বজাত বৃক্ষৰোপন,১১বজাত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত হব লগা স্মৃতিচাৰন সভাত মুখ্য বক্তা ৰুপে উপস্থিত থাকিব বিশিষ্ট শিল্পী দিগন্ত ভাৰতী আৰু বিয়লী ৫বজাত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হব।

     লগতে আয়োজক সকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ অহা প্ৰতিখন গাঁও, শিক্ষানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে মহানায়কৰ ফটো সম্বলিত বেনাৰ লৈ শোভাযাত্ৰা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্থলিত উপস্থিত হবলৈ অনুৰোধ জনাইছে।