ৰহা বজাৰৰ মাজমজিয়াত শিক্ষিত যুৱক যুৱতী ৰ দ্বাৰা স্থাপিত সামাজিক, সাংস্কৃতিক অনুষ্ঠান সুবাস ৰহাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষও শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন ৰ বাবে সভা অনুষ্ঠিত হৈ যায়।
দেওবাৰে অনুষ্ঠিত সভাত আগন্তুক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন ৰ বাবে আলোচনা কৰাৰ লগতে আগন্তুক ১৪ আৰু ১৫ দুদিনীয়া কাৰ্য্যসূচী ৰে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰহা সাৰ্বজনীন দূৰ্গা মন্দিৰ স্থিত সুবাসৰ বাকৰিত উদযাপন ৰ সিদ্ধান্ত লোৱা হয়।
সুবাস ৰহাৰ প্ৰতিষ্ঠাপক নিৰোপম কলিতা আৰু সাংস্কৃতিক সম্পাদক পৰশমনী দাসে জানিব দিয়ে যে ১৪নবেম্বৰত যিহেতু শিশু দিৱস সেইয়ে শিশু ৰাস অনুষ্ঠিত হব আৰু দ্বিতীয় দিন ভাওনা অনুষ্ঠিত হব।
 
  
  
  
   
   
  