শিৱসাগৰঃ সুস্থ নাৰী, সুস্থ পৰিয়াল ৷ দেশজুৰি অব্যাহত থকা এই অভিযানৰ অন্তৰ্গত শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগতো স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈছে ৷ চলিত 'সেৱা সপ্তাহ'ৰ অংশ হিচাপে ২৫ ছেপ্তেম্বৰত শিৱসাগৰ জিলা স্বাস্থ্য সমিতিয়ে জিলাখনৰ আটাইকেইটা স্বাস্থ্য খণ্ডত মহিলাকৰ্মী আৰু মহিলা ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে এক স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে ৷ উল্লেখ যে, শিৱসাগৰ পৌৰসভা কাৰ্যালয়তো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত মহিলাৰ লগতে সকলো কৰ্মচাৰীক স্বাস্থ্য পৰীক্ষা কৰা হয়। মহিলাকৰ্মী আৰু মহিলা ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে এক স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হৈছে । উল্লেখ যে, জিলা গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকন এ প্ৰদান কৰা তথ্য অনুসৰি ৰাষ্ট্ৰৰ প্ৰতিগৰাকী নাগৰিকৰ সু-স্বাস্থ্যৰ বাবে দেশজুৰি চিকিৎসা সেৱা আৰু স্বাস্থ্য শিৱিৰৰ লক্ষ্যৰে যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা অহা ২ অক্টোবৰ ২০২৫ লৈকে অনুষ্ঠিত হ'বলগীয়া সুস্থ নাৰী সুস্থ পৰিয়াল শীৰ্ষক অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ প্ৰতিটো স্বাস্থ্য প্ৰতিষ্ঠানত স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰি অহা হৈছে ৷৷