শিৱসাগৰঃ---- সমাগত "সেৱা সপ্তাহ" আয়োজনৰ অন্তৰ্গত স্বাস্থ্য বিভাগৰ অধীনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ এক অংশ হিচাপে অহা ১৭ ছেপ্টেম্বৰ, বুধবাৰে শিৱসাগৰৰ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁড়াল, শিৱসাগৰ আদৰ্শ চিকিৎসালয় আৰু চৰাইদেউ জিলাৰ সপেখাটীৰ আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিৱিৰ অনুষ্ঠিত হ'ব। আনহাতে একেটা দিনতেই "সেৱা সপ্তাহ" ৰ অন্তৰ্গত স্বাস্থ্য বিভাগৰ অন্য এক কাৰ্যসূচীৰ অংশ হিচাপে "সুস্থ নাৰী সুস্থ পৰিয়াল অভিযান" শিৱসাগৰ আদৰ্শ চিকিৎসাল়য়ৰ প্রেক্ষাগৃহত জিলা ভিত্তিক উদ্বোধন হ'ব আৰু বিনামূলীয়া ৰক্তদান শিৱিৰো শিৱসাগৰ আদৰ্শ চিকিৎসাল়য়ত অনুষ্ঠিত হ'ব। এই দুয়োটা কাৰ্যসূচীৰ স্থান আয়োজন সম্পৰ্কে বুজ ল'বৰ বাবে ১৫ ছেপ্তেম্বৰত বিয়লি ৫-৩৫ বজাত ডিমৌ সম-জিলাৰ আয়ুক্ত তথা জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেয়ে শিৱসাগৰ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ সাফল্যমণ্ডিত কৰাৰ বাবে জিলা প্ৰকল্প পৰিচালনা গোটৰ সদস্যসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।