মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱ দেৱৰ আজি তিৰোভাৱ তিথি উপলক্ষে সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো পালন কৰাৰ সমান্তৰালকৈ ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত প্ৰত্যেক দিনা পূবা ৫বজাৰ ৬বজালৈ হোবা বিনামূলীয়া যোগ শিবিৰত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে শিবিৰৰ মুখ্য যোগ গুৰু ৰামনিবাস শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰত্যেক দিনা ৰ দৰে যোগ প্ৰনায়াম কৰাৰ লগতে গুৰুজনাৰ তিথি উপলক্ষে সমূহ সদস্য সদস্যা সকলে নাম কীৰ্তন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি গুৰুজনাৰ শ্ৰীচৰনত সশ্ৰদ্ধ প্ৰণিপাত জনাই আৰু মহাপ্ৰসাদ বিতৰন কৰে ।

  এই উপলক্ষে ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ প্ৰভাৰী কমল চন্দ্ৰ শৰ্মা,মুখ্য সম্পাদক বিনোৱা ৰাজবংশী, বিত্ত সম্পাদক ত্ৰৈলোক্য মোহন নাথ সহ শিবিৰৰ সদস্য সদস্যা উপস্থিত থাকে।