ৰহা ৰিজ'নেন্স বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডৰী ৰ দশম বাৰ্ষিক নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠান উল্লহ মালহেৰে সম্পন্ন হৈ যায়।

     ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত আজি দিনৰ ৯.৩০বজাত বিদ্যাপীঠ ৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনোৱা ৰ পাছত বিদ্যাপীঠ পৰিচালনা সমিতিৰ সভাপতি মাধব চন্দ্ৰ নাথৰ সভাপতিত্বত আৰু অধ্যক্ষ ধ্ৰুৱ জ্যোতি হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞাই।

       লগতে বিদ্যাপীঠ ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু খ্যাতি ৰে উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা ১২গৰাকী কৃতী ছাত্ৰ ছাত্ৰী ক এখন এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

    বিয়লী বিদ্যাপীঠৰ ছাত্ৰ সকলৰ দ্বাৰা দিহানাম পৰিবেশনেৰে আৰম্ভ হোবা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তুলে।

    অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ মনিৰাম নাথ,নগাঁও মহাবিদ্যালয় ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তোষেশ্বৰ নাথ,সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিত ভূঞা,ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক দিলীপ মুদৈ,ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰং,ৰহা আড্ডা ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,সাংবাদিক বুলন চন্দ্ৰ নাথ,চয়েল খেতান,অসীম চেত্ৰী,নৱজ্যোতি ভূঞা জিলা কৃতী শিক্ষক বঁটা প্ৰাপক হেমকান্ত শইকীয়া, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ সহ ৰহাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ বিষয় ববীয়া, বিদ্যাপীঠ ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী আৰু গন মান্য ব্যক্তি উপস্থিত থাকে।