শিৱসাগৰঃ বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ৩১ মে’, শনিবাৰে কৰ্মশ্রী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ ইউনিটৰ শুভ উদ্বোধন কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে, স্বাস্থ্য বিভাগৰ শাখা বিষয়া, পৰিষ্মিতা দিহিঙ্গীয়া, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, চিকিৎসালয়খনৰ অধীক্ষক তথা চিকিৎসক, নার্চ-কর্মীবৃন্দকে আদি কৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে বৃক্কৰ বিভিন্ন ৰোগত আক্রান্ত আর্থিকভাৱে দুৰ্বল লোকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে ৷