নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰাৰ সন্মানীয় জ্যেষ্ঠ নাগৰিক সকলৰ মাজত এক খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
আগন্তুক ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰাৰ সন্মানীয় জ্যেষ্ঠ নাগৰিক সকলৰ মাজত এক খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বহু কেইগৰাকী বয়োজ্যেষ্ঠ লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নাজিৰাৰ এন.এছ.দি.এ মাৰ্কেট কমপ্লেক্সৰ পৰা নাজিৰা বৰবৰুৱা পুখুৰীলৈ খোজকাঢ়ি আহে।
অনুষ্ঠানটিৰ ফ্লেগ অফ কৰি নাজিৰা সমজিলা আয়ুক্ত কণিকাই উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাত সন্মানীয় জ্যেষ্ঠ নাগৰিক সকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ বাবে ধন্যবাদ জনায়।
উল্লেখ্য যে, এই প্ৰতিযোগিতাত পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ঘনকান্ত সন্দিকৈ, পৰাগ দত্ত আৰু নৰনাথ কোঁৱৰে। ঠিক তেনেদৰে, মহিলাৰ শাখাত অঞ্জু সাধনিধৰ, মঞ্জুমণি শইকীয়া বৰুৱা আৰু মীনাক্ষী দেৱীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।