# অল আসাম মিৰি হায়াৰ চেকেণ্ডেৰী স্কুলৰ ৮৫ সংখ্যক বিদ্যালয় সপ্তাহ আৰু যুৱ মহোৎসৱ সফল সামৰণি #

ঢকুৱাখনাৰ পৰা ঘনকান্ত দলেৰ প্ৰতিবেদন,৭ ডিচেম্বৰ:- ঢকুৱাখনা সমজিলাৰ পূৱ প্ৰান্তত অৱস্থিত খেৰকটামুখ অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান অল আসাম মিৰি হায়াৰ চেকেণ্ডেৰী স্কুলখনে চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শণিবাৰে সামৰণি পৰে ৮৫ সংখ্যক বিদ্যালয় সপ্তাহ আৰু যুৱ মহোৎসৱখনি৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত চৌহদ নিকাকৰণ,বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ নিৰঞ্জন পেগু,স্মৃতি তৰ্পণ কৰে সহঃশিক্ষক জয়ন্ত দাস,মাৰ্চ পাষ্টখনি তত্ত্বাৱধায়ক কৰে বিষয় শিক্ষক বিমান সন্দিকৈ, অলিম্পিক শিখা প্ৰজ্বালন কৰে ছাত্ৰী বুলবুলি দলে, ক্ৰীড়া প্ৰতিযোগিতাখনি উদ্বোধন কৰে সহঃ শিক্ষক দীনেশ দলে দেৱে৷

    দ্বিতীয় দিনাৰ প্ৰথমটো কাৰ্যসূচীৰ অনুসৰি পুনৰ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ, ইয়াৰ পিছতে বিয়লি ভাগত সাহিত্য প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিষয় শিক্ষক চক্ৰপাণি দলে আৰু সঞ্চালনা কৰে বিষয় শিক্ষয়িত্ৰী ইটা টিমচিনাই৷ তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত চূড়ান্ত ক্ৰীড়া প্ৰতিযোগিতা, বিয়লি ভাগত আৰম্ভ হোৱা সাংস্কৃতিক প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিষয় শিক্ষয়িত্ৰী ঋতুপৰ্ণা সন্দিকৈ আৰু সঞ্চালনা কৰে সহঃ শিক্ষয়িত্ৰী চয়নিকা সন্দিকৈয়ে৷

শেষৰ দিনা অৰ্থাৎ অধিৱেশন সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে DID Little Master 2nd runner up আপ্পুন পেগু আৰু প্ৰাক্তন ছাত্ৰ তথা উপ সঞ্চালক,অবসৰপ্ৰাপ্ত সাংস্কৃতিক পৰিক্ৰমা বিভাগ,অসম চৰকাৰ৷ ইয়াৰ পিছতে মুকলি সভা আৰু অভিভাৱক সমাৰোহখনি উদ্বোধন কৰে অধ্যক্ষ নিৰঞ্জন পেগুদেৱে৷ ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখন সভাপতিত্ব কৰে উপাধ্যক্ষ তথা ছাত্ৰ একতা সভাৰ সভাপতি আশোক কুমাৰ দলে দেৱে৷সভাখন আতঁধৰে বিষয় শিক্ষক বিমান সন্দিকৈয়ে৷সভাত নিৰ্দিষ্ট বক্তা হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক যুক্তিৰত্ন শইকীয়া উপস্থিত থাকি ছাত্ৰছাত্ৰী সকলক অধিক অধ্যয়নশীল কৰাৰ লগতে নিজৰ ভাল পোৱা বিষয়ক লৈ জীৱনটো আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ড° বি আৰ আম্বেদকাৰ স্কুলৰ প্ৰধান শিক্ষক অনন্ত দাস,কেকুৰী বিল্লাম হাইস্কুলৰ প্ৰধান শিক্ষক গুণাধৰ দলে,বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ উপ-সভাপতি নগেন্দ্ৰনাথ পেগু,অবসৰপ্ৰাপ্ত শিক্ষক খগেশ্বৰ পেগু,মুহীৰাম পেগু, শিক্ষক দীনেশ দলে,সমাজকৰ্মী নৱকুমাৰ পেগু,মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বৃগেন দলেৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ আৰু অভিভাৱক উপস্থিত থাকে৷দিনটোত নৃত্যগীতেৰে জীপাল হোৱাৰ লগতে আবেলি ভাগত বঁটা বিতৰণী অনুষ্ঠানৰে সামৰণি পৰে৷