ধ্ৰুপদী ভাষা মৰ্যদা পালেই ভাষা জীয়াই নাথাকে, যদিহে ভাষাটো কওঁতা কোনো নাথাকে। - মন্তব্য পদ্মাকুমাৰী গগৈৰ।

 ভাষিক ভাৱে পৰাজিত হ'লে জাতিৰ অস্তিত্ব বিপন্ন হ'ব - মন্তব্য মন্ত্ৰী যোগেন মহনৰ।

সোণাৰিত অনুষ্ঠিত হ'ল ভাষা গৌৰৱ সপ্তাহৰ চৰাইদেউ জিলাৰ উদ্বোধনী অনুষ্ঠান।

সোণাৰি, ৩ নবেম্বৰ: ৰাজনৈতিক ভাৱে পৰাজিত হ'লে এটা জাতি আৰ্থিকভাৱে জুৰুলা হ'ব পাৰে, কিন্তু ভাষিক ভাৱে পৰাজিত হ'লে জাতিটোৰ অস্তিত্ব বিপন্ন হ'ব। গতিকে চৰকাৰে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সকলো চেষ্টা অব্যাহত ৰাখিছে। জাতিক সুৰক্ষা দিয়াটো প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলি ভাবে চৰকাৰে। সোণাৰিত আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী যোগেন মহনে। ভাষা গৌৰৱ সপ্তাহৰ চৰাইদেউ জিলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে যোৱা ৩ অক্টোবৰ তাৰিখে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ ঐতিহাসিক স্বীকৃতিক উদযাপন কৰাৰ উদ্দেশ্যে আৰু নিজ নিজ মাতৃভাষাৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে ৩ নৱেম্বৰৰ পৰা ৯ নবেম্বৰ তাৰিখলৈ "ভাষা গৌৰৱ সপ্তাহ" পালন কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই আজি চৰাইদেউ জিলাত "ভাষা গৌৰৱ সপ্তাহ" উদযাপনৰ শুভ উদ্বোধন কৰা হয়। সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ মন্ত্ৰী যোগেন মহনে তেওঁৰ বক্তব্যত কয় যে, "এটা জাতিৰ স্বৰ্ণীল ইতিহাস লিপিবদ্ধ হৈ থাকে সেই জাতিৰ ভাষাৰ মাধ্যমেৰে"। ভাষাৰ অস্তিত্ব বিপদাপন্ন হলে সেয়া জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি মন্তব্য কৰি তেওঁ সকলোকে নিজ নিজ ভাষাৰ মৰ্য্যদা অক্ষুণ্ণ ৰখাৰ হকে অংগীকাৰবদ্ধ হ'বলৈ আহ্বান জনায়। নিজ নিজ মাতৃভাষাক ভালপোৱাৰ লগতে অন্যান্য স্থানীয় ভাষাৰ প্ৰতিও শ্ৰদ্ধা ৰাখিবলৈও তেওঁ সকলোকে আহ্বান জনায়। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে চৰকাৰী স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰী গৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে তেওঁ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা অহৰহ প্ৰচেষ্টাৰ বাবে তেখেতক ধন্যবাদ জনায়। ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলিও তেওঁ মতপোষণ কৰে। চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অনুষ্ঠানত আদৰণি বক্তব্য ৰাখি ভাষাক মানুহৰ মনৰ ভাৱ প্ৰকাশৰ এক অন্যতম মাধ্যম বুলি উল্লেখ কৰি মানুহক জীৱশ্ৰেষ্ঠ পৰ্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত ভাষাৰ গুৰুত্ব আৰু অবদান অদ্বিতীয় বুলি মত প্ৰকাশ কৰে। অসমৰ ৰাইজৰ আগ্ৰহ আৰু অসম চৰকাৰৰ আবেদনৰ প্ৰতি সহাঁৰি জনাই বিগত ৩ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ আন চাৰিটা ভাষাৰ লগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যদা প্ৰদান কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি জিলাবাসীৰ হৈ তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পদ্মা কুমাৰী গগৈয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ উৎপত্তি, ক্ৰমবিকাশৰ লগতে ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাৰ ভৱিষ্যত সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য ৰাখে। ভাষণ প্ৰসংগত পদ্মাকুমাৰী গগৈয়ে কয়, ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে কোনো এটা ভাষাক জীয়াই ৰাখিব নোৱাৰে। যদিহে ভাষাটো কওঁতা কোনো নাথাকে। এটা জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ'লে প্ৰথমেই ভাষাটো জীয়াই ৰাখিব লাগিব"। ইফালে ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ভাষা-সাহিত্যৰ সৈতে জড়িত জিলাখনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক আদৰণি জনোৱা হয়। আনহাতে, অসমীয়া লিপিৰ ক্ৰমবিকাশৰ প্ৰাৰম্ভিক কালৰে পৰা যিসকল অজ্ঞাত লিপিকাৰে বিভিন্ন শিলালেখ, বিভিন্ন শাসন আদি লিখিছিল, যিসকল জ্ঞাত-অজ্ঞাত লোকে চৰ্যাপদ, আখ্যান গীত, লোকগীত, লোকপ্ৰবাদ, লোক কথা, লোক সাহিত্য ৰচনা কৰিছিল, যিসকল মনীষীৰ ৰচনাৰে প্ৰাচীন কালৰে পৰা আধুনিক কাললৈকে অসমীয়া সাহিত্যৰ ভড়াল চহকী হৈছিল, অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশৰ বাবে প্ৰাচীন কালৰে পৰা এতিয়ালৈ যিসকলে কাম কৰি আহিছে, সেই সকললৈ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ জনাই তথা কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যদা প্ৰদান কৰা বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জনাই অনুষ্ঠানত দুটি প্ৰস্তাৱ গ্ৰহণ আৰু পাঠ কৰা হয়। অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞা, মাহমৰাৰ সম-জিলা আয়ুক্ত পলাশ ৰাজকুমাৰ আহোম, অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল চন্দ্ৰ গগৈ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ লাহন আৰু লক্ষীনাথ তাছা প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰী, ভাষা-সাহিত্য চৰ্চা আৰু বিকাশৰ সৈতে জড়িত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি, বিদ্যালয়- মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে।