শিৱসাগৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ হোটেল ন-আহাৰত এক আড়ম্বৰপূৰ্ণ পৰিৱেশত মুক্তি দিয়া হয় "য়ুথ এক্টৰছ ফাউণ্ডেশ্যন"ৰ প্ৰযোজনা আৰু শশাংক কলিতাৰ পৰিচালনাৰে সুখ-দুখ, হাঁহি কান্দোনৰ সমাহাৰেৰে এখন নতুন অসমীয়া ৱেব চিৰিজ 'অঘাইতং'। উল্লেখ যে, অভিনেতা সঞ্জীৱ বৰাই উদ্বোধন কৰা ৱেব চিৰিজখনৰ পৰিকল্পনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ শিৱসাগৰৰ যুৱ অভিনেতা কৌতুকশিল্পী ঋতু প্ৰিয়মৰ। অভিনেতাজনৰ ওপজা দিনৰ শুভমুহূৰ্তত মুক্তি দিয়া চিৰিজখনৰ কাহিনীভাগ আৰম্ভ হৈছে সামাজিক মাধ্যমত খুবেই সক্ৰিয় হৈ থকা এগৰাকী বোৱাৰীৰ কথাৰে। সমানুপাতিকভাৱে কাহিনীটোত এটা সুন্দৰ সৰল প্ৰেম পৰিস্ফুট হোৱাৰ লগতে বৰ্তমান সময়ৰ জলন্ত সমস্যা হিচাপে চিহ্নিত হোৱা ধৰ্ষণকাণ্ডৰ বিষয়েও চিৰিজটোৰ জৰিয়তে উপস্থাপন কৰা হৈছে । শশাংক কলিতাৰ দ্বাৰা পৰিচালিত এই ৱেব চিৰিজখনত অভিনয় কৰিছে ঋতু প্ৰিয়ম, ত্ৰিনয়ন বৰঠাকুৰ, প্ৰিয়াক্ষী মহন্ত, লিপিৰেখা কলিতা, ভাস্কৰ সন্দিকৈ, ৰশ্নি আৰা ৰহমান, জুলি বেগম, গায়ত্ৰী সন্দিকৈ, ড° সীমান্ত বৰুৱা, আফ্ৰিড আনচাৰি, অৰ্পণ হাজৰিকা, প্ৰিয়ম প্ৰিন্স, কাকুমণি চাংমাই, ববী বেগম, দেৱীচৰণ গগৈ, দীক্ষা গগৈ, ৰাজ আহমেদ, চিন্ময় হাজৰিকা, দেৱ শৰ্মা, দিয়া গগৈ, পৱন কৰ্মকাৰ আৰু প্ৰাণদ্বীপ ৰেগনে। দৃশ্যগ্ৰহণ আৰু সম্পাদনা মুকুন্দ মাধৱৰ। ইত্যাদি - জার্নি টু দ্যা ৰ'টছ, দিৰপন পাৰ্লাৰ, হোটেল ন-আহাৰ প্ৰযোজনা সহযোগী হিচাপে থকা এই ৱেব চিৰিজখনৰ বাণীবন্ধন ষ্টুডিঅ' ৰিদম পাৰ্কত সৌৰভ বৰুৱাৰ দ্বাৰা কৰা হৈছে। সংগীত ব্যৱস্থাপনা অম্লান জ্যোতি দাসৰ। আৰ্টিফিচিয়েল ইণ্টেলিজেনচৰ দ্বাৰা মুখ্য সংগীত প্ৰস্তুত কৰি উলিওৱা প্ৰথমখন ৱেব চিৰিজ হিচাপে চিহ্নিত হোৱা চিৰিজখনৰ মুখ্য সংগীতৰ কথা প্ৰশান্ত বৰগোহাঁই আৰু ঋতুপ্ৰিয়মৰ ৷ প্ৰচাৰ সংগীতৰ কথা ঋতু প্ৰিয়ম আৰু ত্ৰিনয়ন বৰঠাকুৰৰ। এজাক নতুন মুখৰ অভিনয় শিল্পী আৰু কলা-কুশলীক লৈ নিৰ্মাণ হোৱা "অঘাইতং"ক লৈ পৰিচালক যথেষ্ট আশাবাদী বুলি জানিবলৈ দিয়ে । সন্ধিয়া পাঁচ বজাৰ লগে লগে ৱেব চিৰিজখন "ইত্যাদি - জার্নি টু দ্যা ৰ'টছ" ইউটিউব চেনেলৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰা হয় ৷ ইফালে সেই একে অনুষ্ঠানতে যুৱ অভিনেতা ঋতু প্ৰিয়মে নিজৰ জন্মদিনৰ উপলক্ষত "য়ুথ এক্টৰছ ফাউণ্ডেশ্যন" নামৰ প্ৰযোজনা গোষ্ঠীৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এক বক্তব্যত তেওঁ কয় যে, আমিও যিহেতু এই বিশাল সাংস্কৃতিক পথাৰখনৰ এজন সামান্যতম কর্ষক, গতিকে নতুনসকলে হাতে হাতে ধৰি আগুৱাই যাবৰ বাবেই এই প্ৰযোজনা গোষ্ঠীৰ জন্ম দিয়া হৈছে। ভৱিষ্যতৰ সময়তো ইয়াৰ জৰিয়তে আমি কাম কৰি নতুন প্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰা হ'ব। এই সভাতে 'অঘাইতং'ৰ দুটাকৈ দৰ্শনী উপভোগ কৰি দিৰপন পাৰ্লাৰৰ স্বত্বাধিকাৰী জ্যোতি দত্ত, লাইট-কেমেৰা-এক্সন প্ৰযোজনা গোষ্ঠীৰ স্বত্বাধিকাৰী আক্ৰাম হুছেইন, অভিনেতা সঞ্জীৱ বৰাই চিৰিজখনৰ সন্দৰ্ভত নিজৰ নিজৰ মত প্ৰকাশ কৰে। ইয়াৰোপৰি সভাস্থলীত সাংবাদিক ৱাচিমুৰ ৰহমান, 'অসম বাৰ্তা' কাকতৰ সাংবাদিক ইছমাইল আলি, সাংবাদিক মনোজ কুমাৰ গগৈ, সাংবাদিক প্ৰাঞ্জল পূজাৰী, হোটেল ন-আহাৰৰ স্বত্বাধিকাৰী নীলম কাকতিকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।