পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধত আদাৰ অন্তহীন উপকাৰিতাঃ

●আদা ভেদক,উষ্ণ বীৰ্য,আহাৰ খোৱাৰ পূৰ্বে চোবাই খালে ভোক লগায়, গুৰু,বাত আৰু কফ নাশক ।কণ্ঠ আৰু জিভা পৰিষ্কাৰ কৰে ।

●চিগাৰেট খাওঁতে খাওঁতে কফ জমা হয়,ডিঙি চেৰচেৰাই আৰু বিষ হয় তেতিয়া আদাৰ ৰস বা আদা কেইচকল মান (মৰাণ আদা হ'লে ভাল) চুবাই খালে কফ বাহিৰ হৈ ৰোগীক আৰাম দিয়ে । কফৰ কাৰণে আদাৰ ৰস খুবেই উপকাৰী ।

●মাত ভঙা ভাল কৰিবলৈ আদাৰ ৰস দুই চামুচ এচামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ ৪/৫ দিন খালে ভাল হয় ।

●আদাই বায়ু ,ৰক্তপিত্ত ,কাহ আদি ৰোগ নাশ কৰিব পাৰে ।

●আদা শিশুৰ মলমূত্ৰ নিঃসাৰক । আধা চামুচ আদাৰ ৰসত সম পৰিমাণৰ মৌ মিহলাই খুৱাব পাৰি।

●আদাৰ ৰসৰ লগত মৌৰ সৈতে আৰু তুলসী ৰস সমপৰিমাণৰ লৈ তাত তিনিটা জালুকৰ গুড়া দি খালে কাহ ,পানী লগা জ্বৰ ভাল হয় ।

●হাঁপানী ৰোগত মৰাণ আদা,মৌজোল,পিপলি,দোৰোণ বন,বগা বাহাক পাতৰ ৰস উলিয়াই এবাৰত ২৫ গ্ৰামকৈ একেৰাহে এমাহ খোৱালে হাঁপানী ৰোগ ভাল হয় ।

●হেকটি আৰু মূৰ্ছা যোৱা ৰোগৰ কাৰণে আদা উপকাৰী ।

◆আদাই দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে ।

●আদা আহাৰৰ লগত নিয়মীয়াকৈ খালে পেটত গেচ জমা হ'ব নোৱাৰে ।

●মূৰৰ বিষ আৰু মূৰ কামোৰণিত আদাৰ ৰস লগালে সুফল পোৱা যায় ।

●আদা নিমখৰ লগত চুবাই খালে বমি ভাব নাইকিয়া কৰে ।

●আদাই পুৰুষৰ শুক্ৰ আৰু তিৰোতাৰ স্তন বৃদ্ধি কৰাত সহায় কৰে ।

●আদা মৌজোল আৰু দালচেনীৰ পাওদাৰৰ লগত মিহলাই খালে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায় ।

●আদা নিয়মীয়াকৈ খালে চুলিৰ অকালপক্কতা ৰোগ ভাল হয় ।চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে ।

●জণ্ডিচ ৰোগত আধা চামুচ আদাৰ গুড়াৰ লগত দুচামুচ গুড় মিহলি কৰি দিনে দুবাৰকৈ তিনিদিন খালেই জণ্ডিচ ভাল হয়।  

●আদাৰ লগত কেঁচা নহৰু ভাতৰ লগত খালে বহুমূত্ৰ ৰোগীৰ দেহত চেনীৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় ।

●মুখৰ ছাল ফাটিলে আৰু চুলি বৰণহীন হ'লে আদাৰ ৰসৰ লগত এচামুচ মৌ মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালে ৰোগ ভাল হয় ।

●প্ৰস্বাৱত তেজ ওলালে একাপ গাখীৰত এচামুচ আদা উতলাই দিনে দুবাৰকৈ খালে প্ৰস্ৰাৱত তেজ ওলোৱা বন্ধ হয়।

●এচামুচ আদা ৰস ,এচামুচ মৌজোল আধা সিজোৱা কণীৰ লগত একেৰাহে এমাহ খালে নপুংসকতা নাইকিয়া হয় ।  

●কাণৰ বিষত আদাৰ ৰস এটোপাল কাণৰ বিন্ধাত দিলে ভাল হয় ।

●আদা পানীলগা,ইনফ্লুয়েঞ্জা,কলেৰা,গ্ৰহণী,পেটচলা,পেটৰ বিষ,হেকটি আদি ৰোগৰ সুপথ্য ।