দৰঙত জাপানীজ এনকেফ্লাইটিছ সদৃশ ৰোগত বৰ্তমান আক্ৰান্ত হৈছে চাৰিজন৷ ইয়াৰে তিনিজন হৈছে পাঠৰিঘাট প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনৰ। এজনৰ মৃত্যু। মৃত জন ডলিবাৰী গাওঁৰ চাৰে তিনি বছৰীয়া শিশু উদয় চহৰীয়া। মুঠ চাৰি জনৰ বৰ্তমান এজন চিকিৎসাধীন আৰু দুজন সুস্থ হৈ উঠিছে।

আনহাতে মঙ্গলদৈ চহৰৰ শান্তিপূৰ অঞ্চলৰ ৰতন ৰায় নামৰ লোক এজনো চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ৰায় জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত। জিলা স্বাস্থ্য বিভাগৰ বিষয়াই জনোৱা মতে এতিয়ালৈ চিনাক্ত হোৱা নাই ৰায় কি ৰোগত আক্ৰান্ত।