দুখীয়া দৰিদ্ৰ কৃষকলৈ অহা ঘেঁহুৰ বীজ ওলাইছে মৰাণৰ শ্যাম ইণ্ডাষ্ট্ৰীৰ গুদামত। মাত্ৰ ৩৫ হাজাৰ টকাত ব্যৱসায়ীক বিক্ৰী কৰিছে প্ৰায় ৩৬ বেগ ঘেঁহু বীজ। য'ত ছীল বস্তা সমূহত লিখা আছে Not for Sale। ডিব্ৰুগড় জিলাৰে কোনো বাবুল নেৱাৰ আৰু মৰাণৰ বিজয়  পাণ্ডে দুই দালালৰ পৰা ক্ৰয় কৰা কথা স্বীকাৰ কৰিছে ইণ্ডাষ্টিৰ স্বত্বাধিকাৰী আৰু কৃষি বিভাগৰ হৈ কাম কৰা লোকে। 

ঘটনাৰ বিবৰণী অনুসৰি ডিব্ৰুগড় জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত শ্যাম ইণ্ডাষ্টিজত পশু খাদ্যৰ বাবে এগৰাকী লোক তুঁহ গুৰি আনিবৰ বাবে যাওঁতে গুদাম ঘৰত কৃষি বিভাগৰ ঘেঁহুৰ বীজ ছীল বস্তা প্ৰত্যক্ষ কৰাত সংবাদকৰ্মী আৰু আৰক্ষীক খবৰ দিয়াত উদ্ধাৰ হয় কৃষি বিভাগৰ প্ৰায় ৩৬ বেগ ঘেঁহু। পিছত কৃষি বিভাগৰ বিষয়াই চিনাক্ত কৰে ঘেঁহুৰ বীজ সমূহ কৃষকলৈ প্ৰেৰণ কৰা বুলি। আৰু মৰাণ চক্ৰ বিষয়া উপস্থিতিত নিশাই ছীল কৰে শ্যাম ইণ্ডাষ্ট্ৰী গুদাম ঘৰ। 

এতিয়া প্ৰশ্ন হয় যদি বীজ সমূহ কৃষকলৈ কৃষি বিভাগে প্ৰেৰণ কৰিছিল তেন্তে কেনেদৰে মৰাণৰ ব্যৱসায়ী গুদামত সোমাল। আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব এই দুই দালাল ৰূপী বাবুল নেৱাৰ আৰু বিজয় পাণ্ডেৰ বিৰুদ্ধে কৃষি বিভাগ তথা কৃষি মন্ত্ৰী অতুল বড়া ডাঙৰীয়া