কামৰূপ জিলাৰ বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভা l

চিকিৎসালয়খনৰ উপ অধীক্ষক ডা° সবীন চন্দ্ৰ দাসৰ নেতৃত্বত চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী সকলে বিগত সময়ছোৱাত চিকিৎসালয়খনৰ নিকট বিদ্যালয় সমূহত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক স্বাধীনতা দিৱসৰ দিনটোতে বঁটা প্ৰদান কৰা হয় ৷ সেইমৰ্মে বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰ প্ৰাংগনত উপ অধীক্ষক ডা° সবীন চন্দ্ৰ দাসৰ সঞ্চালনাত এখনি সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভাও অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত বিশিষ্ট লেখিকা তথা সমাজসেৱিকা উৰ্বশী চৌধুৰী আৰু সমাজকৰ্মী জহুৰুদ্দিন আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ তদুপৰি স্বাধীনতা দিৱসৰ দিনটোত চিকিৎসালয়খনৰ আশা কৰ্মী সকলৰ মাজত অনুষ্ঠিত কৰা হয় বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী আশা কৰ্মীক এখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে খেল-ধেমালিত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক এই সভাতে পুৰস্কাৰ প্ৰদান কৰা হয় ৷ সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভাখনত বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰ পৰিচালনা সমিতিৰ সদস্য আৰিফ আহমেদ উপস্থিত থাকে ৷ অনুষ্ঠানটোৰ আঁত ধৰে স্বাস্থ্যকৰ্মী বসন্ত ডেকাই ৷ শলাগৰ শৰাই আগবঢ়াই অমলকৃষ্ণ ৰাজবংশী ৷