বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত মৌলানা বদৰুদ্দিন আজমল।পুনৰ বিশ্বৰ প্ৰভাৱশালী মুছলিমৰ তালিকাত উজলি উঠিল মৌলানা বদৰুদ্দিন আজমলৰ নাম । তালিকাখনত দেশৰ ২৫ গৰাকীয়ে স্থান দখল কৰে,এই তালিকাত আজিম প্ৰেমজীৰ লগতে মৌলানা বদৰুদ্দিন আজমলৰ নাম৷ উত্তৰ-পূবৰ একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল বিশ্বৰ প্ৰভাৱশালী মুছলিমৰ তালিকাত উজলি উঠাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল CSR ৰ কাৰ্য্যকৰ্তা সকল।হোজাইৰ দৰে এখন সৰু চহৰত শিক্ষাৰ ক্ষেত্ৰৰ লগতে স্বাস্থ্য খণ্ডত সফলভাবে কাম কৰি আন্তর্জাতিক মঞ্চত চর্চিত অসম সন্তান মৌলানা বদৰুদ্দিন আজমল। জৰ্ডানৰ The Royal Islamic Strategic Studies Centreৰ "দ্য ৱৰ্ল্ড’ছ ৫০০ মষ্ট ইনফ্লুৱেঞ্চিয়েল মুছলিম ২০২৫’ত আজমলে ১৮৬ সংখ্যক স্থান লাভ কৰিছে। আৰ্তজনক সহায় কৰাৰ উপৰিও দাতব্য চিকিৎসালয় ,মহিলা মহাবিদ্যালয় ,অনাথ শিশুসকলৰ কাৰণে আগবঢ়োৱা বিশেষ সেৱা ইত্যাদি উল্লেখযোগ্য বিষয়সমূহৰ কাৰণে আজমলৰ নাম "দ্য ৱৰ্ল্ড’ছ ৫০০ মষ্ট ইনফ্লুৱেঞ্চিয়েল মুছলিম ২০২৫"’ নামৰ আলোচনী খনত প্ৰকাশ পায়। উল্লেখযোগ্য যে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত উত্তৰ পূৱৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচৰ যোগেদি।সমান্তৰালভাৱে ৰাজ্যত এশৰো অধিক শৈক্ষিক প্ৰতিষ্ঠান, অন্যহাতেদি আজমল IAS একাডেমীৰ জৰিয়তে অসম লোকসেৱা আয়োগত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বহু প্ৰশিক্ষাৰ্থী। ৰাজনীতিৰ উপৰিও সামাজিক কাম কাজতো আধিপত্য বিস্তাৰ কৰি আহিছে আজমলে। এনে অভূতপূৰ্ব অৱদান থকাৰ ফলত এগৰাকী অসমীয়া মুছলমান ব্যক্তি হিচাপে উজলি উঠিছে সমগ্ৰ বিশ্বতে।মৌলানা বদৰুদ্দিন আজমল ৫০০ প্ৰভাৱশালী মুছলিমৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত আজমল পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসী।এনে কেতবোৰ বিষয়ৰ বাবে একেৰাহে ১৬ বাৰলৈ ৫০০ জন প্ৰভাৱশালী মুছলমান ব্যক্তিৰ তালিকাত অন্তৰ্ভূক্ত হৈ আহিছে আজমলৰ নাম।মৌলানা বদৰুদ্দিন আজমলে এনে স্থান লাভ কৰাত আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে অভিনন্দন জ্ঞাপন কৰে। আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলামে অভিনন্দন জ্ঞাপন কৰি বিবৃতি দি কয় যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ একাগ্ৰতা আৰু সাধনাই আমাক সদায় প্ৰেৰণা দিয়ে। আজমল ফাউণ্ডেচনৰ মহা প্ৰৱন্ধক ড° এম আৰ এইচ আজাদ,হাম হস্পিটেলৰ ন্যাসৰক্ষী শ্বাহিদ হুছেইন,মুখ্য চিকিৎসা বিষয়া ডা° চি ইছলাম আৰু প্ৰশাসনিক বিষয়া মানিক তালুকদাৰে মৌলানা বদৰুদ্দিন আজমলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વસ્ત્રાલ રીંગ રોડ પર આવેલ તળાવ પર લીલની ચાદર | SatyaNirbhay News Channel
વસ્ત્રાલ રીંગ રોડ પર આવેલ તળાવ પર લીલની ચાદર | SatyaNirbhay News Channel
दिसंबर में Renault Cars पर बंपर डिस्काउंट, Kiger पर 75,000 रुपये तक की छूट
Renault December 2024 discounts दिसंबर 2024 में Renault अपनी गाड़ियों पर बंपर डिस्काउंट दे रही...
दुचाकी चोरणाऱ्या आरोपीच्या 24 तासात आवळल्या पोलिसांनी मुसक्या@india report
दुचाकी चोरणाऱ्या आरोपीच्या 24 तासात आवळल्या पोलिसांनी मुसक्या@india report
New Sansad Bhawan Vs OLD SANSAD BHAWAN EXPLAINED: क्या है अंतर ? | ABP LIVE
New Sansad Bhawan Vs OLD SANSAD BHAWAN EXPLAINED: क्या है अंतर ? | ABP LIVE
India ने कैसे बनाया था एशिया का सबसे बड़ा बांध | Bhakra-Nangal Dam History | Tarikh E586
India ने कैसे बनाया था एशिया का सबसे बड़ा बांध | Bhakra-Nangal Dam History | Tarikh E586