অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদক স্মৰণ।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নামতোলা আঞ্চলিক সমিতিৰ উদ্যোগত অসম আন্দোলনৰ প্ৰথম গৰাকী মহিলা শ্বহীদ বীৰঙ্গনা বৈজয়ন্তী দেৱীৰ ৪২ সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
আগ্ছুৰ নামতোলা আঞ্চলিক সমিতিৰ উদ্যোগত নামতোলাত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যথেষ্ট সংখ্যক স্থানীয় লোকে অংশগ্ৰহণ কৰে।