কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা জলজীৱন মিছনৰ অধীনত নাহৰকটীয়াত নিৰ্মাণ কৰি উলিওৱা বিশুদ্ধ খোৱা পাণী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয় ।প্ৰায় ১ কোটি ৮২ লাখ টকাৰ ব্যয় সাপেক্ষে নাহৰকটীয়াৰ উমাতাৰা চাহ বাগিছাত নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া লগতে উপস্থিত থাকে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া।