নতুন দিল্লী, ১৬ আগষ্ট। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পহলগামত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱান আৰু আৰক্ষী কৰ্মীৰ এখন বাছ দুৰ্ঘটনা হোৱাত গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখনীয় যে মংগলবাৰে নিয়ন্ত্ৰণহীন হৈ বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়। জোৱানসকলে চন্দনৱাৰীৰ পৰা পহলগামলৈ উভতি আহি থকাৰ সময়ত চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল। ইয়াৰ ফলত বাছখন ৬০ মিটাৰ তলত দ খাৱৈত পৰি যায়। ইফালে বাছখনত মুঠ ৪০ জন লোক আছিল। ইয়াৰ ভিতৰত আছিল ৩৭ জন আইটিবিপি কৰ্মী। আহত জোৱানসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাটোত ৬ জন সৈনিকৰ মৃত্যু হৈছে।