শ’লমাৰিত চিত্ৰাংকণ আৰু সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ শ'লমাৰি যুৱ সংঘ আৰু বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ যুটীয়া উদ্যোগত শলমাৰি গাঁওবাসীৰ সহযোগত যোৱা ১৫ জুলাইৰ পৰা ২৪ জুলাইলৈ শ'লমাৰি প্রাথমিক বিদ্যালয় প্রাঙ্গনত অনুষ্ঠিত দহদিনীয়া চিত্রাংকণ আৰু সাংস্কৃতিক কর্মশালা খনিৰ ২৪ জুলাইত সামৰণি পৰে । বলোৰাম চুতীয়া (গাওঁবুঢ়া) সোঁৱৰণী প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিৰ আৰম্ভণি হয় পতাকা উত্তোলনেৰে । পতাকা উত্তোলন কৰে ৫১২ নং শলমাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়ন চুতীয়া আৰু শলমাৰি যুৱ সংঘৰ সভাপতি বিদ্যুৎ চুতীয়াই । স্মৃতি তর্পন কার্যসূচী সমাপন কৰে বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি নিত্যানন্দ শইকীয়াই। "অনাগত ভৱিষ্যত সুন্দৰ কৰাৰ উদ্দেশ্যে বৃক্ষ ৰোপন নিতান্তই প্রয়োজন" - এনেদৰে ব্যক্ত কৰে অনুষ্ঠানটিৰ বৃক্ষ ৰোপক হিচাপে উপস্থিত থকা সর্বোদয় গাঁও পঞ্চায়তৰ সভাপতি, সমাজসেৱক চন্দ্র চুতীয়াই। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিটা শাখাত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত কৰা হয় | চিত্রাংকণ প্রতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল ইণ্ডিয়া বুকচ অব ৰেকৰ্ডছ স্থানপ্রাপ্ত নিহাৰিকা দেউৰী । উল্লেখ্য যে, দহদিনীয়া চিত্ৰাংকণ কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষকক গুৰুসেৱা কৰি অনাগত সময়ৰ আশীষ গ্ৰহণ কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দুটা শাখাত কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্রতিযোগিতা পৰিচালনা কৰে পুলক চুতীয়াই। ছাত্র-ছাত্রীৰ মাজত অনুষ্ঠিত প্রতিযোগিতাৰ পিছতেই নলনীবাম মজলীয়া বিদ্যালয়ৰ অৱসৰ প্রাপ্ত প্রধান শিক্ষক বীৰেন চন্দ্র চুতীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাখনিৰ আঁত ধৰে মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক জ্ঞানন্দ চুতীয়াই । কৰ্মশালাত অংশগ্রহণ কৰা ছাত্রীসকলৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতৰ পিছতেই গৌতম চুতীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। মৰাণ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড° তাৰানাথ নাথ সভাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্র-ছাত্রীসকলক প্ৰেৰণা যোগায় | সভাখনিত সমাজসেৱক তথা সাংস্কৃতিক কর্মী পূর্ণানন্দ চুতীয়া, দলপা আদর্শ জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক দুর্লভ চুতীয়া, নলনীবাম মজলীয়া বিদ্যালয়ৰ প্রাক্তন প্রধান শিক্ষক গোবিন তামুলি, চুতীয়া জাতি যুব সন্মিলন চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰুদ্র চুতীয়া, সাংস্কৃতিক কর্মী শোনিত হাজৰিকা, সাংস্কৃতিক কর্মী তথা শলমাৰি গাঁৱৰ উদ্যোগী মহিলা লিলি চুতীয়া, যুৱ সংবাদকর্মী সঞ্জীৱ বৰা, যুৱ সংগঠক বিতুপন বৰা উপস্থিত থাকে। এই অনুষ্ঠানতে দহদিনীয়া চিত্ৰাংকণ কৰ্মশালাৰ প্রশিক্ষক হিচাপে উপস্থিত থকা ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ড স্থানপ্রাপ্ত মৰাণ মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী নিহাৰীকা দেউৰী, শলমাৰি গাঁৱৰ চিত্রশিল্পী দিগন্ত চুতীয়া, বৰপথাৰ গাঁৱৰ সাংস্কৃতিক শিল্পী সুৰভী তামুলিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাখনিত হিমাক্ষী চুতীয়া, ঘনশ্রী চুতীয়াৰ লগতে প্রশিক্ষার্থীসকলে গীত-নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।
চিত্রাংকণ প্রতিযোগিতাৰ ক' শাখাত দলপা আদর্শ জাতীয় বিদ্যালয়ৰ ভাৰ্গব চুতীয়া, ডাউন টাউন গুৰুকুলৰ উদ্দীপ্ত চুতীয়া, হলি চাইল্ড ইংলিছ একাডেমীৰ আয়েশা চুতীয়া, শ'লমাৰি প্রাথমিক বিদ্যালয়ৰ গাৰ্গী চুতীয়াই পুৰস্কাৰ লাভ কৰে।
খ শাখাৰ চিত্রাংকণ প্রতিযোগিতাৰ প্রথম স্থান বাৰঘৰীয়া মজদুৰ প্রাথমিক বিদ্যালয়ৰ প্ৰবীন তচা, দ্বিতীয় শ'লমাৰি প্রাথমিক বিদ্যালয়ৰ মৌচুম চুতীয়া, বাৰঘৰীয়া প্রাথমিক বিদ্যালয়ৰ মনজিৎ টংলাই তৃতীয় স্থান লাভ কৰে।
দলপা আদর্শ জাতীয় বিদ্যালয়ৰ সম্ভাৱনা হাজৰিকা প্রথম, বাল্য বিকাশ বিদ্যালয় চয়নিকা চুতীয়া দ্বিতীয়, নলনীবাম মজলীয়া বিদ্যালয়ৰ গৌৰৱ ফুকনে গ শাখাত তৃতীয় স্থান লাভ কৰে।
কুইজ প্রতিযোগিতাৰ ক শাখাত ত্ৰিদিপ চুতীয়া, জিতুমনি বুঢ়াগোঁহাই, সেউজ প্রতীম গগৈ ,মানস কুমাৰ ফুকন আৰু নিলোৎপল চুতীয়াৰ দলটি প্রথম, গুনগুন চুতীয়া, দিবাংগনা চুতীয়া, নিলম নয়নী চুতীয়া, বনশ্রী চেতিয়া আৰু ময়ুৰী চুতীয়াৰ দলটি দ্বিতীয় হয়।
খ' শাখাৰ কুইজ প্রতিযোগিতাত নিবাৰণ বড়া, কৌশিক বৰুৱা, গৌৰৱ ফুকন, জুমন চুতীয়া আৰু তন্ময় বৰুৱাৰ দলটিয়ে প্রথম স্থান লাভ কৰে। দ্বিতীয় স্থান লাভ কৰে সম্ভাৱনা হাজৰিকা, সুভাষি চুতীয়া, চয়নিকা চুতীয়া, ঘনশ্ৰী চুতীয়া আৰু চয়নিকা চুতীয়াৰ দলটিয়ে। অঞ্চলটিৰ ১০ খনতকৈ অধিক শিক্ষানুস্থানৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দহদিনীয়া কৰ্মশালাৰ লগতে সামৰণি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শ'লমাৰি যুৱ সংঘৰ হৈ সভাপতি বিদ্যুৎ চুতীয়া তথা বৰপথাৰ আঞ্চলিক চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি নিত্যানন্দ শইকীয়াৰ শলাগৰ শৰাইৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয় ৷