শিৱসাগৰঃ--শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় চৌহদত থকা স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ চেম্বাৰত ১৬ ছেপ্তেম্বৰত এখনি জৰুৰী বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত"সেৱা সপ্তাহ" উদ্‌যাপনৰ অংশস্বৰূপে বিধানসভা ভিত্তিত অনুষ্ঠিতব্য "মেগা স্বাস্থ্যসেৱা শিৱিৰ"ৰ বিষয়ে বিশেষ আলোচনা কৰা হয়। এই শিবিৰসমূহ ডিমৌ বিধানসভা সমষ্টিৰ বাবে ডিমৌ ৰাজহুৱা খেলপথাৰত অহা ১৯ ছেপ্তেম্বৰত, নাজিৰা বিধানসভা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৬ ছেপ্তেম্বৰত আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রীয়েল ইনষ্টিটিউটত অহা ৪ অক্টোবৰত অনুষ্ঠিত কৰা হ'ব। স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সেৱা সপ্তাহৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ মাজত এক সু-সমন্বয় ৰক্ষা কৰিবৰ বাবে আহ্বান জনায়। লগতে তেওঁ বিভিন্ন বিভাগৰ দায়িত্ব আৰু কৰ্তব্য সম্পর্কে আলোচনা কৰে। উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ জিলা গণমাধ্যম বিশেষজ্ঞ আৰু জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে অৱগত কৰা অনুযায়ী সেৱা সপ্তাহ উপলক্ষে অনুষ্ঠিতব্য "বৃহৎ স্বাস্থ্য শিবিৰ"ত ১০ গৰাকী বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰিব। উক্ত শিবিৰত সাধাৰণ ৰোগৰ পৰীক্ষণৰ লগতে অসংক্ৰামক ৰোগ (নন Communicable Disease)ৰ পৰীক্ষা আৰু "কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন"ৰ সহযোগত কৰ্কট ৰোগৰো পৰীক্ষা কৰা হ'ব। লগতে জিলাখনৰ অন্তর্গত অতিশয় পুষ্টিহীনতাত ভোগা শিশুসকলৰ স্বাস্থ্য পৰীক্ষণৰ ব্যৱস্থাও এই শিবিৰত উপলব্ধ হ'ব। হৃদৰোগত আক্ৰান্ত ১৮ বছৰ বয়সৰ অনুর্ধ ৰোগীসকলৰ পৰবৰ্তী পৰ্যায়ৰ যাৱতীয় চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যবস্থা গ্রহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷