ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে, নতুনকৈ অন্তৰ্ভুক্ত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এই পদৰ দ্বায়িত্বত আছিল।
উল্লেখ কৰিব পাৰি যে পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান ৰাজ্যসভাৰ এগৰাকী সাংসদ। তেওঁ ৩১ মাৰ্চত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৪৬ টা ভোটলাভ কৰি জয়ী হৈছিল।
মাৰ্ঘেৰিটাই ২০১৪ চনৰ পৰা অসম বিজেপিৰ মুখপাত্ৰ হিচাপেও কাম কৰি আছে। তেওঁ ছ'চিয়েল মিডিয়া চেল, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ চনৰ পৰা ২০২১ চনলৈ গুৱাহাটীত অৱস্থিত চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।