ধেমাজিৰ মৰিধল মহাবিদ্যালয়ত দুটাকৈ নৱনির্মিত ভৱনৰ দ্বাৰ উদ্ঘাটন

ধেমাজি জিলাৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান মৰিধল মহাবিদ্যালয়ত নৱনির্মিত দুটাকৈ ভৱনৰ দ্বাৰ উদ্ঘাটন কৰা হয় । সোমবাৰে পুৱাৰেপৰা আৰম্ভ হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পালন কৰা প্ৰতিষ্ঠানিক বৃক্ষৰূপন কাৰ্যসূচীৰ আনুষ্ঠানিক সামৰণি মৰা হয় । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পিছত অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দ্বীপেন শইকীয়াই । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ অভিভাৱক শিক্ষক সংস্থা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ দ্বাৰা নতুনকৈ নিৰ্মান কৰি উলিওৱা এটা চাইকেল ষ্টেণ্ডৰ ফিটা কাটি শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ অধ্যক্ষ ডঃ কমল গগৈয়ে । ইয়াৰ পিছতে ২০১৭ চনত দুৰ্ঘটনাত প্ৰাণ আহুতি দিয়া মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চেনিৰাম কোঁচৰ পৰিয়ালে নিৰ্মান কৰি উলিওৱা মহাবিদ্যালয়ৰ এটা গাৰ্ড ৰুমৰ শুভ উদ্বোধন কৰে প্ৰয়াত চেনিৰাম কোঁচৰ পত্নী বন্তি গোঁহাই কোঁচে । অধ্যাপক ভূপেন গগৈয়ে আঁত ধৰা সভাখনত ১৩ আগষ্টত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰষ্কাৰ সমূহ বিতৰণ কৰা হয়।