কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন্ড্ৰিউ উইলৰ ১০ খন চাহ বাগিচা ব্যক্তিগতকৰণৰ প্ৰস্তুতিৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা। বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ এটোৱা মুণ্ডাৰ। তেওঁ কয়, "এইয়া অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক আৰু নিৰাশজনক কথা। বিজেপি চৰকাৰে যিমান লম্ফ-দম্ফ কৰিলেও অন্য উদ্যোগ সমূহৰ দৰে চাহ উদ্যোগো যে তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হোৱা নাই। ইয়াৰ দ্বাৰা বিজেপি চৰকাৰে ভাৰতবৰ্ষৰ ভৱিষ্যত আন্ধাৰৰ দিশে ঠেলি দিছে। "  আনহাতে ব্যৱসায়িক লোকচানৰ দোহাই দি বিজেপি চৰকাৰে চাহ উদ্যোগক আদানী-আম্বানী ক গটোৱাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

আনহাতে এইক্ষেত্ৰত চৰকাৰৰ স্থিতিক তীব্ৰ গৰিহনা প্ৰদান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। আছাৰ কেন্দ্ৰীয় উপ - সভাপতি ৰুস্তম কুজুৰে  চৰকাৰী বাগিচা সমূহ ব্যক্তিগত কোম্পানীক গতাবলগীয়া হোৱা কাৰ্যই চৰকাৰৰ আচল অৱস্থা কেনেকুৱা সেয়া প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি বাগিচাৰ শ্ৰমিকে এনে সিদ্ধান্ত কেতিয়াও মানি নলয় বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে  কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন্ড্রিউ উইলৰ ১০ খন বাগিচাৰ ভিতৰত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত দুখনকৈ চাহ বাগিচা ক্ৰমে টিংখাং চাহ বাগিচা , ৰাজগড় চাহ বাগিচাও যিকোনো মূহুৰ্তত বিক্ৰী যাব পাৰে বৃহৎ বণিক গোষ্ঠীৰ হাতত। উল্লেখযোগ্য যে এন্ড্ৰিউ উইলৰ অধীনৰ অন্য বাগিচাৰ দৰে টিংখাং আৰু ৰাজগড় চাহ বাগিচাও চৰম আৰ্থিক সংকটত ভুগি আহিছে। এনে লোকচানৰ বাবে বাগিচাৰ শ্রমিকক দিব পৰা নাই মজুৰি। শ্ৰমিকক দিব পৰা নাই নিয়মীয়া ৰেচন।