মুম্বাই, ১৫ আগষ্ট। উদ্যোগপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি। ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালক ৮ বাৰকৈ ফোন কৰি এই ভাবুকি কোনো দুৰ্বৃত্তৰ। এই ভাবুকিৰ পিছতেই মুম্বাই আৰক্ষীয়ে কাৰ্যকৰী পদক্ষেপ লয় আৰু বৰিভালিৰ এমএইচবি কলনিৰ পৰা এজন লোকক আটক কৰে। ফোনযোগে ভাবুকি দিয়া ব্যক্তিজন মানসিকভাৱে অসুস্থ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। বৰ্তমানেও তদন্ত অব্যাহত আছে।

ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালৰ চিকিৎসক ডাঃ তাৰং জিয়ানচান্দানীয়ে কয় যে সোমবাৰে পুৱা তেওঁ আঠবাৰকৈ ভাবুকি দিয়া ফোনকল লাভ কৰিছিল। ফোনত এই অজ্ঞাত ব্যক্তিজনে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল। ইয়াৰ পিছত ডি.বি. মাৰ্গ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰা হৈছে। মুম্বাই আৰক্ষীৰ মতে হত্যাৰ ভাবুকি দিয়া আৰু আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পিছত আৰক্ষীয়ে বৰিভালিৰ এমএইচবি কলনিৰ এজন লোকক আটক কৰিছে আৰু তেওঁক জেৰা অব্যাহত ৰাখিছে। আটকাধীন ব্যক্তিজনক মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। আম্বানীৰ নিৰাপত্তা প্ৰধানৰ সৈতে মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে যোগাযোগ কৰিছে। যদি নিৰাপত্তা বৃদ্ধি কৰাৰ প্ৰয়োজন হয়, তাৎক্ষণিক পদক্ষেপ লোৱা হ'ব। এতিয়া আম্বানী পৰিয়ালৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আম্বানীৰ এণ্টিলিয়া বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থাও কঠোৰ কৰা হৈছে।