বৰহাট হালোৱা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা সম্পন্ন।
চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ১নং চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত হালোৱা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত দেশৰ বিভিন্ন অঞ্চলৰ লগতে ঐতিহাসিক লাহদৈগড় আলিৰ সমীপৰ হালোৱা গাওঁত ৭৬সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পুৱা স্থানীয় পতাকা উত্তোলনৰ পাছতে ছাত্র-ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, দৌৰ,মিউজিক চেয়াৰ, নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।আনহাতে বিয়লি শিক্ষক তথা সমাজকৰ্মী প্ৰদীপ গগৈ পৌৰোহিত্বতত অনুষ্ঠিত বঁটা বিতৰণী সভাখন আঁত ধৰে হালোৱা গাওঁৰক্ষী বাহিনীৰ সভাপতি বিপুল হাতীমুৰীয়াই।সভাত হালোৱা গাওঁৰক্ষী বাহিনীৰ সম্পাদক অনন্ত গগৈ,শংকৰদেৱ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক সমীৰজিৎ বৰুৱা, স্থানীয় সমাজকৰ্মী বকুল বৰুৱা,গোলাপ বৰুৱা,জয়ন্ত গগৈ,মৃদুপৱণ গগৈ উপস্থিত থাকি সাম্প্ৰতিক সময়ত খেলৰ প্ৰয়োজনীয়তা তথা ছাত্র-ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ সাধাৰণৰ সন্দৰ্ভত আলোকপাত কৰে।আনহাতে উক্ত সভাতেই বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰে।