তিনিদিনীয়া গ্ৰীম্মকালীন কৰ্মশালাৰ অন্তিম দিনা দুমুনিচকীত সাংস্কৃতিক শোভা যাত্ৰা ।

ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দুমুনিচকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নাজিজুল হকৰ উদ্যোগত মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া গ্ৰীম্মকালীন কৰ্মশালা অনুষ্ঠিত হয় ।

গ্ৰীম্মকালীন কৰ্মশালাৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত 'ৰাইজৰ উৎসৱ' নামৰ এলানি কাৰ্যসূচী ৰূপায়ন কৰা হয় । ১নং মাৰুৱাচকী প্ৰাথমিক বিদ্যালয়ৰ পৰা মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়লৈ উলিয়াই এই সাংস্কৃতিক শোভা যাত্ৰা ।

শোভাযাত্ৰা উদ্বোধন কৰে

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ 

সভাপতি মাহতাবুদ্দিন হাজৰিকাই।

গ্ৰীম্মকালীন কৰ্মশালাৰ শেষ দিনৰ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য,মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মথুৰা মোহন নাথ. 

 নিজকুঁৱৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতি প্ৰসাদ ভট্টৰায়, প্ৰধান শিক্ষক কৰম আলী, ইনামুল হক,২নং মাৰুৱাচকী প্ৰা: বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলাম আদি উপস্থিত থাকে ।