স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্ত্তি ৰ উপলক্ষে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা সম্বৰ্ধনা.
ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষ পুৰ্ত্তীকৰনৰ উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত তিনিজনকৈ সংবাদ সেৱাৰ লগত জড়িত ব্যক্তি ক্ৰমে মৃত্যুঞ্জয় দাস ,নাৰায়ন দে আৰু দীপাংকৰ পালক চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকীৰ নেতৃত্বত জিলা কংগ্ৰেছে তেখেত সকলৰ বাসগৃহত গৈ একোখনকৈ জাতীয় পতাকা আৰু ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনায় ৷
জিলা কংগ্ৰেছৰ উক্ত সজাতি দলটোত সাধাৰণ সম্পাদক (প্ৰশাসন)নৃপেন কোৱঁৰ ,সাংগঠনিক সাধাৰন সম্পাদক লোহিত মহন ,জিলা মুখপাত্ৰ প্ৰদীপ চেতিয়া ফুকন ,সোণাৰি নগৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিপা ভৌমিক উপস্থিত থাকে ৷