চৰাইদেউ জিলাত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

ৰাজ্য চৰকাৰে ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰিবলগীয়া হোৱা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সুঁৱৰি প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটো "বিভাজন বিভীষিকা স্মৃতি দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক বিভাজনৰ সময়ত মানুহৰ দুৰ্দশা আৰু সেই বিভীষিকাময় সময়ৰ বিষয়ে অৱগত কৰি ভৱিষ্যতে যাতে কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি নহয় সেই উদ্দেশ্যে অহিংসা, একতা, শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে চৰাইদেউ জিলাতো আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে  উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত স্মৃতি দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজ বক্তব্যত  দেশ বিভাজনৰ পটভূমি আৰু ইয়াৰ ফলত দেশবাসীয়ে ভুগিব লগা হোৱা কৰুণ পৰিস্থিতি তথা সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটৰ বিষয়ে এক অৱলোকণ দাঙি ধৰে। তেওঁ ভাৰতীয় সংবিধানৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি একোগৰাকী গৌৰবান্বিত ভাৰতীয় হিচাপে সেই দুৰ্বিসহ সময়ৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাজনমুখী শক্তিসমূহক পৰাভূত কৰি সদা সতৰ্ক হৈ আগবাঢ়িবলৈ সকলোকে আহ্বান জনায়

অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত পল বৰুৱাই তেওঁৰ বক্তব্যত দেশ বিভাজনৰ কাৰণ, ৰাজনৈতিক আৰু ঐতিহাসিক প্ৰেক্ষাপটৰ বিষয়ে আলোকপাত কৰে। ১৯৪৭ চনৰ বিভাজনক ইতিহাসৰ পাতৰ এটা পাঠ হিচাপে লৈ হিংসাবৰ্জিত এখন অখণ্ড ভাৰত গঢ়াৰ বাবে বদ্ধপৰিকৰ হোৱা উচিত বুলিও তেওঁ মতপোষণ কৰে

অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকি এগৰাকী কৃতী শিক্ষক তথা টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈয়ে সাৰগৰ্ভ বক্তব্য দাঙি ধৰে। নিজ বক্তব্যত দেশ বিভাজনৰ সময়ৰ সমগ্ৰ প্ৰেক্ষাপট, সেই সময়ৰ মানুহৰ দুৰৱস্থা আৰু ইয়াৰ পৰিণতি আদি সম্পৰ্কে বিশদভাবে বৰ্ণনা আগবঢ়ায়। তেওঁ কয় যে, দেশ বিভাজনৰ ফলত দুয়োফালৰ পৰা প্ৰব্ৰজন, আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি, সাম্প্ৰদায়িক হিংসা, আদিয়ে গা কৰি উঠিছিল। এই সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাইছি

সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে

পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই অনুষ্ঠানৰ আঁত ধৰে

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়া, সোণাৰি আৰু সাপেখাতিৰ ৰাজহ চক্ৰ বিষয়াদ্বয় ক্ৰমে চৈতলী ৰাণী দত্ত আৰু ডাঃ অনামিকা গগৈ, সহকাৰী আয়ুক্তবৃন্দ ক্ৰমে- সমূজ্বল বড়া, জাহ্নৱী গোস্বামী আৰু সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে