দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস এইবাৰ আজাদী কা অমৃত মহোৎসৱৰ নামেৰে উদযাপনৰ অংশ হিচাপে মাজুলীত বিভিন্ন কাৰ্যসূচী চলি আছে। সেই উপলক্ষে মাজুলীত আজি ''মহাবাহু ব্ৰহ্মপুত্ৰ'' শীৰ্ষক ফেৰী শোভাযাত্ৰা বাহিৰ কৰে প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেম অনুভূতি জগাই লোলাৰ বাবে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰী ফেৰীঘাটত বিয়লি ৪-৩০ বজাত আৰম্ভ হোৱা এই কাৰ্যসূচীত মেৰিন ইঞ্জিনযুক্ত সাতখনকৈ ফেৰীয়ে অংশগ্ৰহণ কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ত্ৰিৰংগা লহৰ। এই ফেৰীসমূহত দেশৰ স্বাভিমান তথা ঐক্যতাৰ প্ৰতীক ত্ৰিৰংগা পতাকা উৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত উজলি উঠা এক নান্দনিক পৰিৱেশৰ মাজত শোভাহিত হৈ উঠে কমলাবাৰী ফেৰীঘাটৰ চৌপাশ। বতাহৰ মাজত উৰি থকা ত্ৰিৰংগাৰ এক অভূতপূৰ্ব পৰিৱেশে সকলো ভাৰতীয়ৰ মন প্ৰাণ কলুষিত কৰি তোলে। সকলো যেন ত্ৰিৰংগাৰ তলত ঐক্যবদ্ধ হৈ পৰিল দেশ তথা জাতিৰ বাবে। বিশেষকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৩ -১৫ আগষ্টলৈকে আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী মাজুলী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা মাজুলীবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী সফল কৰি তোলাৰ পিছতে আজি ব্ৰহ্মপুত্ৰৰ বুকুত মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ শীৰ্ষক নৌকা শোভাযাত্ৰা কাৰ্যসূচী পালন কৰে। এই শোভাযাত্ৰাকাৰী ফেৰীসমূহে কমলাবাৰী ফেৰীঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি নিমাতী দিশলৈ প্ৰায় ব্ৰহ্মপুত্ৰৰ মাজ অংশলৈ আগবাঢ়ি গৈ এই শোভাযাত্ৰা বাহিৰ কৰে। এই কাৰ্যসূচীত মাজুলীৰ স্হানীয় বিধায়ক ভূৱন গাম,উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা, মাজুলী জিলা বিজেপি সভাপতি বিৰেন শইকীয়াকে ধৰি শতাধিক লোকে এই ফেৰী শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
In Amsterdam, Suresh Raina runs an Indian restaurant. We present the menu to you. - Newzdaddy
Newzdaddy updates
Suresh Raina, an Indian cricketer, has established an Indian restaurant in...
युवाओं पर मेहरबान हुई मोदी सरकार, पहली बार नौकरी करने वालों को मिलेगी 1 महीने की सैलरी
वित्त मंत्री निर्मला सीतारमण संसद में मोदी कैबिनेट का तीसरा पूर्णकालिक बजट पेश कर रही हैं....
सोशल मीडिया पर पुलिस कांस्टेबल ने दी आत्महत्या की धमकी पुलिस ने 20 मिनट में रेल की पटरी के पास से किया दस्तयाब
सोशल मीडिया पर पुलिस कांस्टेबल ने दी आत्महत्या की धमकी पुलिस ने 20 मिनट में रेल की पटरी के...
कंगाल पाकिस्तान में छाने वाला है अंधेरा, शाम 8:30 बजे तक बाजार बंद करने का फरमान
कंगाल पाकिस्तान का इन दिनों बुरा हाल है. वह गंभीर आर्थिक संकट से गुजर रहा है. यहां बिजली संकट एक...
ગુરૂ-શિષ્ય વચ્ચેના પવિત્ર બંધનને લાંછન લગાવતો કિસ્સો: શિક્ષકે ચાલુ શાળાએ બે વિદ્યાર્થિનીઓની છેડતી કરતા પોલીસ ફરિયાદ
પાટડી તાલુકાના પાનવા ગામના લંપટ શિક્ષકે ચાલુ શાળાએ બે વિદ્યાર્થીનીઓની છેડતી કરતા વાલીએ પોલીસ...