বৰহাট বৰপাত্ৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি বৰহাট মণ্ডল চাহ জনগোষ্ঠীৰ মৰ্চাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা ,বাইকৰেলী 

 বিজেপি বৰহাট মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত আজি পুৱা ১০ বজাত বৰপাত্ৰ চাহ বাগিছাৰ পৰা ত্ৰিৰংগা যাত্ৰা তথা বাইক ৰেলী ওলিয়াই 

টিট্ লাগড়,বৰহাট আৰক্ষী থানাহৈ গৈ পুণৰ ঐতিহাসিক ধোদৰ আলিয়ে গৈ বৰপাত্ৰ চাহ বাগিচাত সামৰণি মাৰে।

আজি বাইক ৰেলী অনুষ্ঠানটি শুভ উদ্বোধন কৰে বৰহাট মণ্ডলৰ সভাপতি কমল কুৰ্মী,সহযোগ কৰে বৰহাট মণ্ডলৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি কাৰ্তিক উৰাঙে।আনহাতে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে সাধাৰণ সম্পাদক টিটু আৰিয়ন চুনা ,সম্পাদক ভদ্ৰ কুমাৰ, জিক কন্দপান , যুৱ মৰ্চাৰ IT cell ৰ সদস্য নন্দন তাঁতী ,BCMS ৰ সম্পাদক অমৃত কুমাৰ ,বুথৰ সভাপতি,স্থানীয় গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক ও কাৰ্য্যকর্তা সকলে অংশগ্ৰহণ কৰে।

     উক্ত অনুষ্ঠানত প্ৰত্যেকে হাতে হাতে তিৰংগা পতাকা লৈ ৰেলি কৰা হয় ।