নতুন দিল্লী, ১৩ আগষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱা ১১:০০ বজাত কমনৱেলথ গেমছ ২০২২ত পদক অর্জন কৰা সকলৰ সৈতে তেওঁৰ চৰকাৰী বাসভৱনত মিলিত হয়। বাৰ্মিংহামত সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয় যে তেওঁ ১৩ আগষ্টৰ পুৱা ১১ বজাত তেওঁৰ বাসগৃহত ভাৰতৰ কমনৱেলথ গেমছ ২০২২
পদক অর্জন কৰা সকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ উৎসুক। ক্ৰীড়াক্ষেত্ৰত খেলুৱৈসকলৰ কৃতিত্বৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত। ইয়াৰ পূৰ্বে মোডীয়ে দেশৰ বাবে পদক জয় কৰা প্ৰতিজন খেলুৱৈক শুভেচ্ছা জনাইছিল।
এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পদক জয় কৰাৰ পিছত ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনোৱাৰ বাবে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা কেইবাটাও টুইট পোষ্ট কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জয়লাভত ব্যৰ্থ হোৱা খেলুৱৈ সকললৈও শুভকামনা প্ৰেৰণ কৰিছিল।
ভাৰতে কমনৱেলথ গেমছত মুঠ ৬১ টা পদক (২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জ) লাভ কৰি পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। উল্লেখ্য যে গোল্ড কোষ্ট ২০১৮-ৰ অন্তিম প্ৰতিযোগিতাখনত ভাৰতীয় খেলুৱৈসকলে মুঠ ৬৬ টা পদক জিকিছিল। ইয়াৰ ভিতৰত আছিল ২৬ টা সোণ, ২০ টা ৰূপ আৰু ২০ টা ব্ৰঞ্জৰ পদক। ভাৰতে এনেদৰে আয়োজক অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ পিছত তৃতীয় স্থান লাভ কৰিছিল।