বিজেপি অনুসূচিত জাতি মৰ্চাৰ,অসম প্ৰদেশ ৰ নগাঁও জিলা ৰ উদ্যোগত আৰু ৰহা বাৰহপূজীয়া মণ্ডল এচ চি মৰ্চাৰ সহযোগত আজি ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত পূবা ৭বজাৰ পৰা আৰম্ভ হোবা দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱসত ৰহা আদৰ্শ পতঞ্জলি যোগ সমিতি ৰ যোগ শিক্ষক  বিনোৱা ৰাজবংশীয়ে শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ বিভিন্ন মুদ্ৰাত যোগাসন কৰাই।

         এই উপলক্ষে বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাসে যোগাসনত অংশ গ্ৰহণ কৰি কয় যে আজিৰ ব্যস্ততা পূৰ্ন জীবনত নিজৰ শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ যোগৰ বহু প্ৰয়োজন আৰু ২০১৫ বৰ্ষৰ পৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে।

      আন্তৰাষ্ট্ৰীয় যোগ দিৱসত বিজেপি অনুসূচিত জাতি মৰ্চা অধ্যন কোষৰ সহ আহ্বায়ক অসীম হাজৰিকা, নগাঁও জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি মৃদুল কুমাৰ দাস, ৰহা বাৰহপূজীয়া মণ্ডল এচ চি মৰ্চাৰ সভাপতি জিতুমনি দাস,ৰহা পতঞ্জলি যোগ সমিতি ৰ প্ৰভাৰী কমল চন্দ্ৰ শৰ্মা, সহ নগাঁও জিলা আৰু ৰহা বাৰহপূজীয়া মণ্ডল এচ চি মৰ্চাৰ সদস্য সদস্যা উপস্থিত থাকে।