ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত পূবা ৫বজাত দৈনিক যোগভ্যাসৰ পাছত বিদ্যাপীঠ প্ৰাংগনত ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও নীম,আহঁত,আম সহ বিভিন্ন গছপুলি ৰোপন কৰে।
এই উপলক্ষে ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ প্ৰভাৰী কমল শৰ্মা,সহ প্ৰভাৰী সুনিল হাজৰিকা,প্ৰধান সম্পাদক বিনোৱা ৰাজবংশী, মুখ্য যোগ গুৰু ৰাম নিবাস শৰ্মা,ভাৰত স্বাভিমান তহচিল যুৱ প্ৰভাৰী অৰুপ বৈশ্য,দীগন্ত ভূঞা, প্ৰচাৰ প্ৰভাৰী চয়েল খেতান সহ যোগ শিক্ষক শিক্ষয়ত্ৰী, সদস্য সদস্যা উপস্থিত থাকে।