অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ, ২০ জুনঃ চিক্‌ল চেল এনিমিয়া ৰোগক পৰাস্ত কৰি সু-স্বাস্থ্যকৰ জীৱন গঢ়াৰ সংকল্পৰে সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰ জিলাতো চিক্‌ল চেল দিৱস উপলক্ষে ১৯ জুন, বুধবাৰে বিশ্ব চিক্‌ল চেল এনিমিয়া নিৰ্মূল সজাগতা অভিযান আৰু স্ক্ৰীনিং কেম্প অনুষ্ঠিত হয় ৷ উল্লেখযোগ্য যে, অহা ৩ জুলাইলৈকে অনুষ্ঠিত হ’বলগীয়া এই অভিযান জিলাখনৰ অন্তৰ্গত ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ মিচিং অধ্যুষিত অঞ্চলৰ লিগিৰীবাৰী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে জিলা পৰ্যায়ৰ এক শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰি চিক্‌ল চেল এনিমিয়া নিৰ্মূল সজাগতা সভা আৰু স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হয় । লিগিৰীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাকুৰাম পাংগিং এ উদ্বোধন কৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিৱসাগৰ জিলাৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱ জ্যোতি শইকীয়া, ডিমৌ স্বাস্থ্য খণ্ডৰ ব্লক প্ৰগেম মেনেজাৰ ৰঞ্জিত বৰা, দিচাংমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এ বি পি এম উৎপল দত্ত, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, দিচাংমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সকলো স্বাস্থ্য বিষয়া তথা স্বাস্থ্যকৰ্মী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, স্থানীয় লোকৰ উপৰিও গাঁওখনৰ কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত আছিল ৷ আনহাতে জিলাখনৰ প্ৰতিটো স্বাস্থ্য প্ৰতিষ্ঠানতে সিকেল ছেল এনিমিয়া নিৰ্মূলৰ সজাগতা সভা আৰু স্ক্ৰীনিং কেম্প অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ৷