শিৱসাগৰঃ শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ এল কে বি ৰোডৰ নিবাসী, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা কামাখ্যা প্ৰসাদ শৰ্মা(৭৪)ৰ কালি নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে । তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ উল্লেখ যে, শৰ্মা এপষেকৰ পূৰ্বৰে পৰা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল। শৰ্মা সদৌ অসম মইনা পাৰিজাত, শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা আৰু হিন্দু ধৰ্মসভা নামঘৰ সমাজৰ লগত জড়িত আছিল। প্ৰয়াত কামাখ্যা প্ৰসাদ শৰ্মা শিৱসাগৰ জিলা মইনা পাৰিজাতৰ পৃষ্ঠপোষক, শিশুবন্ধু, বিশিষ্টা লেখিকা তথা সক্ৰিয় ৰাজহুৱাকৰ্মী মুনু শৰ্মা পাঠকৰ স্বামী আছিল ৷ মৃত্যুৰ সময়ত তেখেতে পত্নীৰ লগতে তিনিগৰাকী জী-জোঁৱাই, নাতি-নাতিনীসহ এক বৃহৎ পৰিয়াল এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত হিন্দু ধৰ্মসভা নামঘৰ সমাজৰ হৈ ৰাজীৱ বৰুৱা, শিৱসাগৰ জিলা মইনা পাৰিজাতৰ হৈ মোহনচন্দ্ৰ দত্ত, শিৱসাগৰ জ্যোতি সংঘৰ হৈ দেৱব্ৰত বৰঠাকুৰ, দৃশ্যপট-শিৱসাগৰৰ হৈ ড০ মণি পাঠক, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ হৈ মনোজ কুমাৰ বৰঠাকুৰ, সনাতন ধৰ্ম নামঘৰ সমাজৰ হৈ ৰাজেন বৰঠাকুৰৰ উপৰিও শিৱসাগৰ বিবেকানন্দ কেন্দ্ৰ, সদৌ অসম সন্মিলিত ব্ৰাহ্মন সমাজ, শিৱসাগৰ পৌৰসভা কৰদাতা সংস্থাকে ধৰি ভালেমান অনুষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেখেতৰ শেষকৃত্য আজি পুৱা থানামুখ শান্তিবন শ্মশানত সম্পন্ন কৰা হয় । আনফালে সমাজকৰ্মী কামাখ্যা প্ৰসাদ শৰ্মাৰ বিয়োগত "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম", কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ আৰু মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মা, সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী", অসম নাট্য সন্মিলন, শিৱসাগৰ শাখাৰ সভাপতি অনঙ্গ মোহন শৰ্মা, জ্যেষ্ঠ সমাজসেৱিকা তথা বাৰোৱাৰী মহিলা মঞ্চৰ সভানেত্ৰী সুশীলা গোস্বামী, যুৱ সাংবাদিক সন্থা-অসম, শিৱসাগৰ জিলা সমিতি, শিৱসাগৰ বাৰোৱাৰী পূজা কমিটি, শিৱসাগৰ কালীবাৰিৰ কালী মন্দিৰ পৰিচালনা সমিতি, অসম নাট্য সন্মিলন, শিৱসাগৰ জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷