পশ্চিম কাৰ্বীআংলং জিলাৰ ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয় ত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অৰ্থ সাহাৰ্য ,ডি এন এ পশ্চিম কাৰ্বি আংলং জিলা আৰু ৰংখাং খণ্ড ৰ সহযোগত "পৰিবেশৰ বাবে জীৱন শৈলী"সন্দৰ্ভত অনুষ্ঠিত হোবা বিজ্ঞান ভিওিক প্ৰদৰ্শনী ত কাৰ্বি আংলং জিলা ৰ ৩০খন বিদ্যালয় ৰ ৭৫গৰাকী ছাত্ৰ ছাত্ৰী আৰু ৩২গৰাকী শিক্ষক শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহণ কৰে।

          হাবাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ ক্ষমানন্দ যিমিৰে উদ্বোধন কৰা প্ৰদৰ্শনীত ইক ক্লাব পশ্চিম কাৰ্বি আংলং জিলা নডেল এজেঞ্চী ৰ সমন্বয়ক বিৰেন ডেকাই পৰিবেশৰ বাবে জীবন শৈলী সম্পৰ্ক ত বৰ্ননা কৰে।

        প্ৰদৰ্শনী ত আদৰ্শ বিদ্যালয় ৰ ৰমখাংৰ চিকো ৰংহাংপী আৰু অলকা টিমুংপিয়ে প্ৰথম,ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰুহিত পাবেল আৰু বিজয় বৰ্মনে দ্বিতীয় আৰু হাবাইপুৰ হাইস্কুলৰ মুছকানা দেবী আৰু অঞ্জনা বাগলাৰীয়ে ৩য় স্থান পাবলৈ সক্ষম হোবাৰ লগতে স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক এখন এখন মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

        আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ পশ্চিম কাৰ্বি আংলং জিলা সমন্বয়ক প্ৰনব শৰ্মাই আঁত ধৰা সভাত ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষা ৰশ্মি দেবীয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰাৰ লগতে লংকা বি এড কলেজৰ সহকাৰী অধ্যাপক তাৰা প্ৰসাদ দত্ত আৰু ধন কুমাৰ চৌহান উপস্থিত থাকে।