মঙ্গলদৈ ১৪ জুন::আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে সভাপতিত্ব কৰা এই সভাখনত লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, স্বাস্থ্য, জলসম্পদ , কৃষি, শিক্ষা, পশুপালন আদি বিভিন্ন বিভাগৰ জনকল্যাণমূলক আঁচনি তথা কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। আজিৰ এই সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা গৃহনিৰ্মাণৰ কাম-কাজ, কৰ্মদিনৰ সৃষ্টি আদিৰ বিষয়ে আলোচনা কৰা হয়। লোকনিৰ্মাণ (গৃহ) বিভাগে এই বিভাগৰ অধীনত দৰং জিলাত নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত থকা মহিলা মহাবিদ্যালয়, মহাপ্ৰভু জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰ আদি বিভিন্ন কামৰ অগ্ৰগতিৰ বিষয়ে সভাত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সমাজ কল্যাণ বিভাগৰ কাম-কাজৰ আলোচনাত মিছন শক্তি, প্ৰধানমন্ত্ৰীৰ মাত্ৰু বন্দনা যোজনা, তৃতীয় লিংগৰ লোকৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আদি বিষয়ে গুৰুত্ব লাভ কৰে। ৱান ষ্টপ চেন্টাৰে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা নাৰী, উপযুক্ত বয়সৰ পূৰ্বে বিয়া হোৱা ছোৱালী, দুৰ্দশাগ্ৰস্ত মহিলালৈ আগবঢ়োৱা সহায়ৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয়। স্বাস্থ্য বিভাগে পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে জিলাখনৰ স্বাস্থ্য ক্ষেত্ৰৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ সূচ্যাংকৰ বিষয়ে অৱগত কৰে। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে নৱজাতকৰ মৃত্যুৰ হাৰ, প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ লগতে শিশুৰ সুস্বাস্থ্য আৰু উপযুক্ত যতনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। কৃষি বিভাগে ধান ক্ৰয়ৰ ক্ষেত্ৰত লাভ কৰা সফলতা আৰু প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে জিলা আয়ুক্তক অৱগত কৰে। সভাত শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগসমূহৰ জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকলে বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। পৰ্যালোচনা সভাত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતમાં કોંગ્રેસના વર્ષો જુના નેતાઓ કેમ ભાજપમાં જોડાઈ રહયા છે ? શામ,દામ,ભેદ કે પછી દંડ ?
ગુજરાતમાં હવે કોંગ્રેસનું લગભગ પૂર્ણ થવા આવ્યું છે અને લગભગ કોંગેસીઓએ ભાજપની શાળામાં એડમિશન લઈ...
સાણંદની દિશમાન કંપની દ્વારા કેમિકલ પાણી છોડતાં વિવાદ વધુ વકર્યો
સાણંદની દિશમાન કંપની દ્વારા કેમિકલ પાણી છોડતાં વિવાદ વધુ વકર્યો
Prime Minister Narendra Modi inaugurated 10 new Vande Bharat trains.
March 12, 2024
Prime Minister Narendra Modi inaugurated 10 new Vande Bharat trains....
West Bengal Foundation Day: ममता ने क्यों कहा त्रासदी का दिन, बंगाल स्थापना दिवस पर राज्यपाल और सीएम में ठनी
West Bengal Foundation Day: बंगाल स्थापना दिवस मनाने को लेकर राजभवन और सरकार के बीच एक बार...
કેન્દ્રીય રાજ્યમંત્રી શ્રી ડો.મહેન્દ્રભાઈ મુંજપરાની પ્રેરક ઉપસ્થિતિમાં ચોટીલા ખાતે શક્તિ પર્વ-૨૦૨૨ યોજાયો
રમત ગમત યુવા અને સાંસ્કૃતિક પ્રવૃતિઓ વિભાગ, ગાંધીનગર અને કમિશનરશ્રી યુવક સેવા અને સાંસ્કૃતિક...