মঙ্গলদৈ ১৪ জুন::আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে সভাপতিত্ব কৰা এই সভাখনত লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, স্বাস্থ্য, জলসম্পদ , কৃষি, শিক্ষা, পশুপালন আদি বিভিন্ন বিভাগৰ জনকল্যাণমূলক আঁচনি তথা কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। আজিৰ এই সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা গৃহনিৰ্মাণৰ কাম-কাজ, কৰ্মদিনৰ সৃষ্টি আদিৰ বিষয়ে আলোচনা কৰা হয়। লোকনিৰ্মাণ (গৃহ) বিভাগে এই বিভাগৰ অধীনত দৰং জিলাত নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত থকা মহিলা মহাবিদ্যালয়, মহাপ্ৰভু জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰ আদি বিভিন্ন কামৰ অগ্ৰগতিৰ বিষয়ে সভাত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সমাজ কল্যাণ বিভাগৰ কাম-কাজৰ আলোচনাত মিছন শক্তি, প্ৰধানমন্ত্ৰীৰ মাত্ৰু বন্দনা যোজনা, তৃতীয় লিংগৰ লোকৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আদি বিষয়ে গুৰুত্ব লাভ কৰে। ৱান ষ্টপ চেন্টাৰে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা নাৰী, উপযুক্ত বয়সৰ পূৰ্বে বিয়া হোৱা ছোৱালী, দুৰ্দশাগ্ৰস্ত মহিলালৈ আগবঢ়োৱা সহায়ৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয়। স্বাস্থ্য বিভাগে পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে জিলাখনৰ স্বাস্থ্য ক্ষেত্ৰৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ সূচ্যাংকৰ বিষয়ে অৱগত কৰে। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে নৱজাতকৰ মৃত্যুৰ হাৰ, প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ লগতে শিশুৰ সুস্বাস্থ্য আৰু উপযুক্ত যতনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। কৃষি বিভাগে ধান ক্ৰয়ৰ ক্ষেত্ৰত লাভ কৰা সফলতা আৰু প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে জিলা আয়ুক্তক অৱগত কৰে। সভাত শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগসমূহৰ জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকলে বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। পৰ্যালোচনা সভাত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सड़क पर उतरी भाजपा जिला मंत्री अमिता बागरी यातायात व्यवस्था को लेकर पुलिस एवं नगर परिषद पर बोला हमला
पन्ना जिले की तेजतर्रार भाजपा नेत्री अमिता बागरी जो हमेशा समाज सेवा के लिए जानी...
जब अवॉर्ड शो में पिता सलीम खान के सामने अपमानित हुए सलमान, गुस्साए दबंग ने यूं लिया बदला
Salman Khan Reveals Award Show Fraud: सलमान खान बॉलीवुड के दबंग स्टार हैं। दोस्तों के दोस्तों और...
Dealing Room Check: डीलर्स ने इन दो स्टॉक्स में कराई बंपर बाईंग, कहां मिलेगा जोरदार मुनाफा?
Dealing Room Check: डीलर्स ने इन दो स्टॉक्स में कराई बंपर बाईंग, कहां मिलेगा जोरदार मुनाफा?
આરોગ્ય મંત્રીશ્રી ઋષિકેશભાઇ પટેલે પાટણમાં આવેલા રોટલીયા હનુમાન મંદિરના ભક્તિ ભાવપૂર્વક દર્શન કર્યા*
*****************
પાટણમાં આવેલા અનોખા મંદિરમાં જ્યાં હનુમાનજીની પૂજા અર્ચના ફક્ત રોટલી દ્વારા કરવામાં આવે છે....