মাজুলী জিলাৰ অন্যতম শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ এখন সভা আজি অনুষ্ঠিত হয়। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে উদযাপন সমিতিৰ সম্পাদক তথা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই ।

সভাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফনীধৰ টাহু, উপ সভাপতি নীলকান্ত দলে, অৱসৰ প্ৰাপ্ত অধ্যক্ষ কালিৰাম কুলি, ৰতনপুৰমিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক নিৱাৰণ দলে , উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি চিত্ৰ ৰঞ্জন দলে , ৰতনপুৰমিৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জিলিকা দলে পেগু , লুইত পৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মৃনালিনী গাম মিলি , লুইত পৰীয়া আঞ্চলিক পঞ্চায়ত সদস্য প্ৰবীণ মিলি আদি ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি দিহা পৰামৰ্শ আগবঢ়ায়। আজিৰ সভাই বছৰ জুৰি অনুষ্ঠিত হ'ব লগা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী প্ৰস্তুত কৰে । উল্লেখ্য যে ১৯৭৩ চনত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয় খনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত এক জুলাইত সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান উদযাপন কৰা হয় ।